NORTHEAST NOW (Assamese)

কোকৰাঝাৰত গ্ৰেপ্তাৰ ছয়গৰাকী বাংলাদেশী নাগৰিক

May 8, 2019 7:28 am · ৰিনয় বসুমতাৰী
Updated: May 8, 2019 4:01 pm

বিদেশী ন্যায়াধীকৰণে কেইবাবছৰ পূৰ্বেই বিদেশী বুলি ঘোষিত কৰা ছয় গৰাকী বাংলাদেশী নাগৰিকক মঙলবাৰে কোকৰাঝাৰ সীমান্ত শাখাই অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে।

অসম বংগ সীমান্তবৰ্তী শিমলুটাপু অঞ্চলৰ পৰা আটক কৰা ছয় গৰাকী বিদেশীৰ ভিতৰত তিনিগৰাকীয়েই মহিলা।

ইমানদিনে পলাতক অৱস্থাত থকা আটকাধীন নাগৰিক কেইগৰাকী ক্ৰমে গোসাঁইগাঁও গৰুমাৰা চৰৰ চামাদ ফকিৰ ওৰফে চামাদ আলি, তিনি নং শিমুলটাপুৰ মহম্মদ টাছান আলি শ্বেখ, এক নং শিমলুটাপুৰ প্ৰমোদ দাস আৰু শ্যামলা দাস, শিমলুটাপুৰ ফৰেষ্ট গ্ৰেজিঙৰ মজিৰণ বিবি আৰু শিমলুটাপু এন পি তিনিৰ ৰহিটন বিবি বুলি সীমান্ত শাখাই চিনাক্ত কৰিছে।

আনহাতে সীমান্ত শাখাই জানিবলৈ দিয়া অনুসৰি জিলাখনত বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে ৭০০ ৰো অধিক লোকক বিদেশী বুলি ঘোষিত কৰি থৈছে আৰু ইয়াৰ অধিকাংশই বৰ্তমান পলাতক অৱস্থাত আছে।

এই বিদেশী লোকসকলৰ সন্ধানত দিনে নিশাই তালাচী অভিযান অব্যাহত ৰাখিছে বুলিও সদৰি কৰে সীমান্ত শাখাই।

Related News