NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ’ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক

January 8, 2023 7:46 am · এন ই নাও নিউজ, গুৱাহাটী
দক্ষিণ চুদানৰ ৰাষ্ট্ৰপতি ছালভা কীৰ। ফটো: সংগৃহীত।

এক ৰাষ্ট্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত বাজি থকাৰ সময়ত বুকুত হাত দি থিয় হৈ থকা দক্ষিণ চুদানৰ ৰাষ্ট্ৰপতি ছালভা কীৰ তেওঁৰ পেণ্ট তিতি যোৱা এটা ভিডিঅ’ অনলাইনত ভাইৰেল হৈ পৰিছিল। ঘটনাটোৰ সন্দৰ্ভত ৬জন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে।

ভিডিঅ’টো ডিচেম্বৰত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত দেখা গৈছিল যে লাঠিৰ ওপৰত ভৰ দি থিয় হৈ থকা ৰাষ্ট্ৰপতি ছালভা কীৰে তেওঁৰ প্ৰস্ৰাৱ ধৰি ৰাখিব পৰা নাছিল।

ৰাষ্ট্ৰপতিৰ পেণ্টত প্ৰস্ৰাৱ কৰাৰ ভিডিঅ’ লিক কৰাৰ বাবে ৬জন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক আটাইকেইজন দক্ষিণ চুদানৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ মাধ্যমৰ কৰ্মী।

চলিত সপ্তাহতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দি দ্য কমিটি টু প্ৰটেক্ট জাৰ্ণেলিষ্ট (চিপিজে)য়ে তেওঁলোকৰ মুক্তি দাবী কৰিছে।

দক্ষিণ চুদান ব্ৰডকাষ্টিং কৰ্পোৰেশ্যনে (এছএছবিচি) দাবী কৰা মতে তেওঁলোকে ভিডিঅ’টো সম্প্ৰচাৰ কৰা নাই।

দেশখনৰ তথ্য মন্ত্ৰী মাইকেল মাকুইভে কৈছে যে সাংবাদিককেইজনক কিয় আটক কৰা হৈছে সেয়া জানিবলৈ মানুহে অপেক্ষা কৰা উচিত।

Related News