NORTHEAST NOW (Assamese)

ঘৰৰ ভিতৰত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত একেটা পৰিয়ালৰ ৬ জনৰ মৃতদেহ উদ্ধাৰ

November 12, 2020 11:41 am · এন ই নাও নিউজ
Updated: November 12, 2020 11:48 am

ঘৰৰ ভিতৰত কম্বলেৰে মেৰিয়াই থোৱাৰ অৱস্থাত ৬ টাকৈ মৃতদেহ উদ্ধাৰ হোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ওড়িশাত।

ঘটনাৰ বিৱৰণীৰ মতে বুধবাৰে ওড়িশাৰ বলাগিৰ জিলাৰ সোনাৰপদ গাঁৱত বুলু জানি(৫০) আৰু তেওঁৰ পত্নী জ্যোতি, দুই পুত্ৰ ভীষ্ম আৰু সঞ্জীৱ আৰু দুই কন্যা সৰিতা আৰু শ্ৰেয়াৰ মৃতদেহ তেওঁৰ ঘৰৰ ভিতৰত কম্বলেৰ মেৰিয়াই থোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে।

১০ বছ ধৰি উক্ত গাঁওখনত বাস কৰি অহা বুলু জানি আছিল পেচাত এগৰাকী মৌ ব্যৱসায়ী।

বুধবাৰে পুৱা বহু দেৰিলৈকে বুলু জানিৰ ঘৰৰ দুৱাৰ বন্ধ থকাত সন্দেহবশতঃ প্ৰতিৱেশীয়ে দুৱাৰত টুকুৰিয়াবলৈ ধৰে।

ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত বেৰৰ জলঙাৰ জুমি চাই দেখে যে কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত ৬ টা মৃতদেহ পৰি আছে ঘৰৰ ভিতৰ মজিয়াত।

প্ৰতিৱেশীয়ে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ততালিকে বুলু জানিৰ ঘৰত উপস্থিত হৈ মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আত্মীয় আৰু প্ৰতিৱেশী লোকক সোধ পোচ কৰি আছে।

স্থানীয় লোকৰ লগতে আৰক্ষীয়েও এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্ত কমিটি গঠন কৰা হৈছে বুলি জিলা আৰক্ষী অধীক্ষক সন্দীপ সম্পতে সংবাদ মাধ্যমক জানিবলৈ দিছে। দলটোত ফৰেনছিক সদস্যকো অন্তভুৰ্ক্ত কৰা হৈছে বুলি জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে।

ইফালে প্ৰাথমিক তদন্তত চোকা অস্ত্ৰেৰে এই হত্যাকাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে বুলি জনাইছে আৰক্ষী অধীক্ষক সম্পতে।

পৰিয়ালটোৰ সৈতে কোনো লোকৰ শ্ৰত্ৰুতা আছে নেকি তাৰো অনুসন্ধান কৰি থকা হৈছে বুলিও জনাইছে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে।

Related News