NORTHEAST NOW (Assamese)
অসম

নিষ্ঠুৰ নিয়তি : কাল ক’ৰ’ণাই কাঢ়িলে ইজনৰ পিছত সিজনকৈ ৫ ভাতৃসহ মাতৃৰ প্ৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 3:00 pm
Coronavirus_Death_PT

ক’ৰ’ণা ভাইৰাছ সিমান ভয়ংকৰ নহয় বুলি তেওঁলোকেও ভাবিছিল।

সেয়ে জুলাই মাহৰ প্ৰথম ভাগত ঝাৰখণ্ডৰ ধানবাদৰ  পৰিয়ালটোৰ মাতৃ গৰাকী যেতিয়া ক’ৰ’ণাত আক্ৰান্ত হৈছিল তেতিয়া পাঁচ পুত্ৰই মাতৃক বোকাৰোৰ এখন নাৰ্চিংহোমত ভৰ্তি কৰিছিল।

কেইদিন মান পিছতেই ৮৮ বছৰীয়া মাতৃ গৰাকীৰ মৃত্যু ঘটিছিল।

সকলোৱে ভাবিছিল বয়স হোৱাৰ বাবেই তেওঁ ঢুকাল। কেইদিন মানৰ পিছতেই পাঁচ ভাতৃৰ মাজৰে দুজনৰ গা বেয়া হ’ল।

জ্বৰ,কাঁহ আদি ক’ৰ’ণাত দেখা দিয়া সকলো লক্ষণেই তেওঁলোকৰ দেহত ফুটি উঠিল।

ধানবাদৰ পিএইছচি এইছত তেওঁলোকক ভৰ্তি কৰোৱা হ’ল। কিন্তু মাতৃৰ পথ অনুসৰণ কৰিয়েই দুই ভাতৃয়ে চিৰদিনৰ বাবে চকু মুদিলে।

ইয়াৰ মাজতে অসুস্থ হৈ পৰিল ঘৰত থকা আন তিনি ভাতৃৰ মাজৰে দুজন।

তেওঁলোককো ভৰ্তি কৰোৱা হ’ল চিকিৎসালয়ত।

কিন্তু কাল ক’ৰ’ণাৰ গ্ৰাসৰ পৰা তেওঁ লোকো মু্ক্ত হ’ব নোৱাৰিলে।

তেওঁলোক দুজনৰো মৃত্যু ঘটিল। একেটা পৰিয়ালৰে ৫ জনকৈ লোকৰ প্ৰাণ ক’ৰ’ণা ভাইৰাছে কাঢ়ি নিয়াৰ ঘটনাই ধানবাদৰ কাটাৰা অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিলে।

এনেতে কাল ক’ৰ’ণাৰ গ্ৰাসত পৰা পৰিয়ালটোৰ পঞ্চম গৰাকী কনিষ্ঠ ভাতৃ সোমবাৰে হৈ পৰে গুৰুতৰ ভাৱে অসুস্থ।

তেওঁক ততাতৈয়াকৈ লৈ যোৱা হ’ল ৰাছীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সলৈ।

কিন্তু কোনো চিকিৎসাই সুস্থ কৰি তুলিব নোৱাৰিলে তেওঁক ।

অৱশেষত মঙলবাৰে নিশা তেওঁৰ মৃত্যু ঘটে।

এনেদৰে কাল ক’ৰ’ণাই কাঢ়ি নিলে ঝাৰখণ্ডৰ একেটা পৰিয়ালৰ ৫ ভাতৃৰ লগতে মাতৃৰ প্ৰাণ।

এই ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হৈছে ধানবাদলৈ প্ৰৱেশ কৰা সকলো পথ।