NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2023 8:34 am

আমেৰিকাৰ স্কুলত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ । এইবাৰ এখন ব্যক্তিগত মিছনেৰী বিদ্যালয়ত আক্ৰমণ কৰা হয়। ঘটনাটোত তিনিটা শিশু শিক্ষাৰ্থী আৰু ৩ জন প্ৰাপ্তবয়স্ক লোক নিহত হৈছে। সোমবাৰে ৰাতিপুৱা সংঘটিত হয় এই ঘটনা। ঘটনাটো নেচভিল অঞ্চলত ঘটিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এজন বন্দুকধাৰী হঠাতে কনভেন্ট স্কুলখনত প্ৰৱেশ কৰে। তাৰ পিছত নিৰ্বিচাৰে গুলীয়াবলৈ আৰম্ভ কৰে। বিদ্যালয়খনত প্ৰাক-প্ৰাথমিকৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আছে। হঠাতে বন্দুকধাৰীজনে তাত আক্ৰমণ চলায়।

লগতে পঢ়ক: দিল্লীত চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ ৰাহুল গান্ধীক; বান্ধি দিলে সময়সীমা

আৰক্ষীয়ে টুইটাৰত জনায় যে বন্দুকধাৰীজনকো গুলীয়াই নিহত কৰা হৈছে।  ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয় চিকিৎসা কেন্দ্ৰৰ এজন মুখপাত্ৰ জন হাউচাৰে কয় যে তিনিটা শিশুক গুলীয়াই হত্যা কৰা হৈছে। তেওঁলোকক অনা হৈছিল যদিও তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছিল। আন দুজন প্ৰাপ্তবয়স্ককো অনা হৈছিল।  তেওঁলোকৰো মৃত্যু হৈছে।

অৱশ্যে, বন্দুকধাৰীক আৰক্ষীয়ে গুলীয়াই নিহত কৰে। ইপিনে, নেছভিল অগ্নি নিৰ্বাপক বিভাগে বিদ্যালয়খনত আক্ৰমণ কৰা হৈছে বুলি গম পোৱাৰ পিছত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।

আৰক্ষীৰ এজন মুখপাত্ৰই কয়, “আমি ৰাতিপুৱা প্ৰায় ১০.১৩ বজাত এটা ফোন পাইছিলো। আমি তথ্য পাইছিলো যে এজন বন্দুকধাৰী বিদ্যালয়ত আছিল। পৰিস্থিতিটোৰ মোকাবিলা কৰিবলৈ এটা বৃহৎ আৰক্ষী বাহিনী অনা হয়। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।‘’

কনভেন্ট স্কুলখন ২০০১ চনত নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খন কনভেন্ট প্ৰেচবিটেৰিয়ান গীৰ্জাৰ আছিল। বিদ্যালয়খনত ৩৩ জন শিক্ষক আছে। এই বছৰ প্ৰায় ২১০ জন শিক্ষাৰ্থী বিদ্যালয়ত আছিল। অৱশ্যে, বন্দুকধাৰীজনে কিয় এই আক্ৰমণ চলাইছিল সেয়া স্পষ্ট হোৱা নাই। আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।