NORTHEAST NOW (Assamese)

অসম: ক’ভিড আক্ৰান্ত যুৱতীৰ মৃত্যু, দিনটোত প্ৰাণ হেৰুৱালে ছগৰাকীয়ে

July 8, 2020 7:59 pm · কল্পজ্যোতি শইকীয়া
Updated: July 8, 2020 8:01 pm

ক’ভিড আক্ৰান্ত মণিকা ভূমিজ (১৯) নামৰ এগৰাকী যুৱতীয়ে বুধবাৰে অসমত প্ৰাণ হেৰুৱাইছে।

যুৱতীগৰাকীক ধৰি দিনটোত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ছগৰাকীলৈ বৃদ্ধি পালে।

যুৱতীগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ আই চি ইউত চিকিৎসাধীন আছিল।

ক’ভিড আক্ৰান্ত যুৱতীগৰাকী গুৰুতৰভাৱে এনিমিয়া আৰু ছেপছিছত ভুগিছিল।

শিৱসাগৰৰ পৰা চিকিৎসাৰ বাবে তেওঁক যোৰহাটলৈ প্ৰেৰণ কৰা হৈছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰি যুৱতীগৰাকীৰ মৃত্যুত সমবেদনা জনাইছে।

উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত গুৱাহাটীৰ হেদায়েতপুৰৰ চফিকুল ৰহমান (৬০), বৰপেটাৰ পাটাছাৰকুছিৰ ৰুণুমী মজুমদাৰ (৬০), কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) নামৰ চাৰিগৰাকী ক’ভিড আক্ৰান্তয়ো প্ৰাণ হেৰুৱাইছে।

এই আটাইকেইগৰাকী লোকৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ আই চি য়ুত মৃত্যু হৈছে।

মৃত্যু হোৱা চাৰিওগৰাকী লোকে নিউমনিয়াকে ধৰি অন্যান্য শাৰীৰীক অসুস্থতাত ভূগি আছিল।

তাৰোপৰি ওদালগুৰিৰ জিতেন্দ্ৰ প্ৰসাদ (৩০) ক’ভিড ৰোগীজনে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত প্ৰাণ হেৰুৱাইছিল।

মঙলবাৰৰ দিনটোত ৰাজ্যত ধদাৰাম মুৰা (৪০) আৰু দেৱী কাকতি নামৰ দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

ৰাজ্যত মুঠ  ১৩৩৩৬ গৰাকী লোক আক্রান্ত হোৱাৰ উপৰিও বৰ্তমানলৈ ৮৩২৯ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমান ৪১৭৪ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News