NORTHEAST NOW (Assamese)

HSLC Exam Result: আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাম উজলালে শিৱসাগৰ জিলাৰ ৬ গৰাকী পৰীক্ষাৰ্থীয়ে

June 7, 2022 11:58 am · পার্শ্বজোতি গগৈ, শিৱসাগৰ

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানৰ ভিতৰত শিৱসাগৰৰ ছয় গৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

শিৱসাগৰৰ ফুকন নগৰৰ নিউ লুক একাডেমীৰ প্ৰিয়ানুজ বৰদলৈ আৰু ডিমৌ গাৰ্লছ হাইস্কুলৰ দীপশিখা বৰুৱাই সপ্তম স্থান দখল কৰে।

ইপিনে নৱম স্থান দখল কৰে হলিনেম স্কুলৰ আৰিন ভূঞা আৰু নিতাইপুখুৰীৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ জ্যোতিৰ্ময় দত্তই।

ফটো: নৰ্থইষ্ট নাও।

সেইদৰে, শিৱসাগৰ নগৰৰ সুন্দৰমল মডাৰ্ণ স্কুলৰ দুজন ছাত্ৰই দশম স্থান দখল কৰিবলৈ সক্ষম হয়। সুন্দৰমল মডাৰ্ণ স্কুলৰ পৰা হিমাংশু দাস আৰু ৰক্তোৎপল বৰাই দশম স্থান কঢ়িয়াই আনি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে।

উল্লেখ্য যে এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ পৰা ৮৭০১ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৭০৬৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৮১.১৭ শতাংশ।

ফটো: নৰ্থইষ্ট নাও।

জিলাখনত ২৬৩০ গৰাকীয়ে প্ৰথম বিভাগত, ২৯৫৮ গৰাকী দ্বিতীয় বিভাগত আৰু  ১৪৭৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। 

Related News