NORTHEAST NOW (Assamese)
অসম

সহজে জয়ী তাৰকা মেৰীকম, আজি অভিযান আৰম্ভ কৰিব শিৱ থাপাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2019 5:21 pm
marry-com

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ছবাৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমে।

মঙলবাৰে অনুষ্ঠিত হোৱা মহিলাৰ ৫১ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মেৰীকমে দুৰ্দান্ত খেলেৰে সহজে পৰাস্ত কৰে নেপালৰ মালা ৰাইক। খেলখনত মেৰীকম ৫-০ ব্যৱধানত বিজয়ী হয়। ছেমি ফাইনেলত মেৰীকম ভাৰতৰ আন এগৰাকী বক্সাৰ সতীৰ্থ নিখাত জাৰীনৰ মুখামুখি হ’ব।

মেৰীকমৰ উপৰিও অসমৰ আন এগৰাকী বক্সাৰ যমূনাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত যমূনাই নেপালৰ মিনু গুৰুঙক ৫-০ ব্যৱধানত পৰাস্ত কৰে।

siva thapa
শিৱ থাপা। ফাইল ফটো

উল্লেখযোগ্য যে, অসমৰ আন দুগৰাকী তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ভাগ্যৱতী কছাৰীয়ে ক্ৰমে ৬৯ কেজি আৰু ৭৫ কেজি শাখাত ৰিঙত ননমাকৈয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে।

আনহাতে, অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই আজি জয়ৰ লক্ষ্য আগত ৰাখি প্ৰতিযোগিতাখনত মৰিছাছৰ হেলেন ডেমিয়েনৰ বিপক্ষে খেলি অভিযান আৰম্ভ কৰিব। শিৱ থাপাই ৬০ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে।