NORTHEAST NOW (Assamese)

মহানুভৱতা! ৬ জনকৈ ব্যক্তিক জীৱন দান দি নেদেখা দেশলৈ গ’লগৈ ১৬ বছৰীয়া সাৰং

May 24, 2023 11:07 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 24, 2023 9:55 am

৬ গৰাকী ব্যক্তিক নতুন জীৱন দান দি নেদেখা দেশলৈ গ’লগৈ এগৰাকী ১৬ বছৰীয়া ছাত্ৰ। বৈজ্ঞানিক মানসিকতাৰ এই মহান আৰু সাহসী ছাত্ৰগৰাকীৰ নাম সাৰং।

কেৰেলাৰ এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ সাৰং। দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফললৈ মাত্ৰ দুদিন বাকী থকাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল সাৰং। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা সাৰঙৰ মৃত্যু আছিল নিশ্চিত।

মৃত্যুৰ পূৰ্বে নিজৰ শৰীৰ অংগ দান কৰি গৈছিল সাৰঙে। যাৰ বাবে মৃত্যুৰ পিছত সাৰঙৰ কেইবাটাও গুৰুৰত্বপূৰ্ণ অংগৰ দ্বাৰা নতুন জীৱন প্ৰদান কৰা হ’ল ৬গৰাকীকৈ মৃত্যুমুখী ব্যক্তিক।
কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে ফেচবুকযোগে জনোৱা মতে মৃত্যুৰ পূৰ্বে নিজৰ দুটা বৃক্ক, যকৃৎ, হাৰ্ট ভাল্ব আৰু দুই কৰ্নিয়া দান কৰে।

এই ছাত্ৰজনৰ মহানুভৱতাক ইতিমধ্যে শলাগ লৈছে সমগ্ৰ কেৰেলাবাসীয়ে। লগতে ছাত্ৰজনৰ অকাল মৃত্যুত কেৰালাবাসীৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে কেৰেলাৰ শিক্ষামন্ত্ৰী শিৱানকুট্টীয়ে।

Related News