NORTHEAST NOW (Assamese)

বীভৎস! : মদ্যপান কৰা পাষণ্ডৰ শুই থকা মহিলাক গণধৰ্ষণ; যৌনাঙ্গত সোমোৱাই দিলে বীয়েৰ বটল

July 20, 2020 5:16 pm · এন ই নাও নিউজ
Updated: July 20, 2020 5:37 pm
প্ৰতিকী চিত্ৰ, উৎস- ইন্টাৰনেট

এক বীভৎস তথা নাৰকীয় ঘটনা সংঘটিত হৈছে হাৰিয়ানাত।

হাৰিয়ানাৰ চৰথি দাদৰী অঞ্চলত সংঘটিত হৈছে এই লোমহৰ্ষক কাণ্ড।

ঘটনাৰ বিৱৰণী মতে ৰাতি এগৰাকী শুই মহিলাক কেইটামান পাষণ্ডই মদ্যপান কৰি গণধৰ্ষণ কৰে।

ভাড়াঘৰ সীমাৰ বেৰা বগাই পাৰ হৈ আহি ৰাতি নিজ সন্তানৰ সৈতে ভাড়াঘৰত শুই থকা প্ৰৱাসী ভদ্ৰমহিলা গৰাকীক পাষণ্ডকেইটাই হাত ভৰি বান্ধি অন্য এটা কোঠাত ভৰাই মদ্যপান কৰি উপৰ্যুপৰি ধৰ্ষণ কৰে।

যোৱা ১২ জুলাইত সংঘটিত এই নাৰকীয় ঘটনাটো সম্পৰ্কে মহিলা গৰাকীয়ে প্ৰথমে মুখ খোলা নাছিল।

কিন্তু হঠাৎ মহিলাগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত ভাড়াঘৰৰ অন্য লোকসকলক মহিলা গৰাকীয়ে ঘটনাটো অৱগত কৰে।

প্ৰথমাৱস্থাত মহিলা গৰাকীক ভাড়াতীয়াসকলে ভাড়াঘৰতে ঔষধ দি ৰাখিছিল যদিও স্বাস্থ্যৰ অধিক অৱনিত ঘটাত স্থানীয় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মহিলাগৰাকীয়ে তেওঁৰ যৌনাঙ্গত ধৰ্ষকাৰীকেইটাই বলপূৰ্বকভাৱে বীয়েৰৰ বটল সোমোৱাই দিয়া বুলিও চিকিৎসকক অৱগত কৰিছে।

চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ জবানবন্দী লিপিৱদ্ধ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত দুই যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে।

Related News