NORTHEAST NOW (Assamese)

Sleepless may causes kidney failure: কম পৰিমাণে শুলে হ’ব পাৰে কিডনিৰ ৰোগ, আপুনি জানেনে?

August 26, 2022 6:26 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

যিসকল লোকে ৰাতি ছয়ঘন্টাতকৈ কম সময় শোৱে, তেওঁলোকৰ জটিল কিডনিৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। এটা বিস্তৃত অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। এই অধ্যয়ন মতে নিশা টোপনিত বাৰে বাৰে ব্যাঘাত হৈ থাকিলে কিডনি ফেইল হোৱাৰ আশংকাও বৃদ্ধি পায়।

কিডনিৰ ৰোগত ভুগি থকা লোকসকলৰ প্ৰায়ে উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু ডায়েবেটিচ আদি ৰোগত হৈ থকা অন্য বিকাৰো থাকে।

ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ(আই এম এ) মতে এনে ধৰণৰ ৰোগীৰ কিডনিৰ কাম-কাজ আৰু সক্ষমতা মাজে সময়ে পৰীক্ষা কৰি থকাটো অতি প্ৰয়োজন। এনে ৰোগীৰ শৰীৰত তীব্ৰ যন্ত্ৰনাদায়ক একাধিক ৰোগৰ লক্ষণ থাকিব পাৰে।

কিডনিৰ ৰোগৰ ফলত সময়ৰ লগে লগে কিডনিৰ কৰ্ম ক্ষমতা বা কামবোৰ দ্ৰুত গতিত অৱনতি ঘটিব পাৰে। এই অৱস্থা দীৰ্ঘদিন ধৰি চলি থাকিবলৈ দিলে এদিন কিডনি ফেইল হ’বগৈ পাৰে।

এনেধৰণৰ ৰোগীক চিকিৎসকৰ ওচৰলৈ নি যিমান সোনকালে পাৰে ডায়েবেটিছ কৰোৱাব লাগে। ৰোগীৰ অৱস্থা ক্ৰমে জটিল হৈ আহিলে ‘কিডনি ট্ৰেন্সপ্লেন্ট’ কৰাবলগীয়াও হ’ব পাৰে। কিন্তু কিডনিৰ এনে ধৰণৰ চূৰান্ত অৱনতিৰ লক্ষণ প্ৰথম অৱস্থাত দেখা পোৱা নেযায়।

যেতিয়া ইয়াৰ লক্ষণ প্ৰকাশ পাবলৈ ধৰিব, তেতিয়ালৈ কিডনি বহুলাংশে ক্ষতিগ্ৰস্ত হয়গৈ। আই এম এৰ অধ্যশ ডাঃ কে কে আগৰৱালাই কৈছে কিডনিয়ে ৰক্ত পৰিশোধনত সহায় কৰে। তেজত থকা অপ্ৰয়োজনীয় আৱৰ্জনা আৰু তৰল দ্ৰৱ্য কিডনিয়ে আঁতৰাই পেলায়।

আমাৰ শৰীৰত উৎপন্ন হোৱা অধিকাংশ অদৰকাৰী দ্ৰব্যকে কিডনি দুটাই উলিয়াই বাহিৰ কৰি পঠিয়ায়। কিন্তু যেতিয়া কিডনিৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হয়, তেতিয়া দুয়োটা কিডনিয়ে ভালদৰে কাম কৰিব নোৱাৰা হয়।

এনে লোৱাৰ কাৰণ হ’ল:

কিডনিৰ ক্ষতি বা ৰোগৰ সংক্ৰমণ। কিডনিৰ ৰোগৰ তীব্ৰতা যেতিয়া বাঢ়ি যায়, তেতিয়া অদৰকাৰী তৰল পদাৰ্থ, ইলেকট্ৰ’লাইটিছ আৰু আৱৰ্জনা শৰীৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰা হয় আৰু শাৰীৰৰ ভিতৰতে জমা হ’বলৈ আৰম্ভ কৰে।

ডাইবেটিচ, হাইব্লাডপ্ৰেছাৰ, হৃদৰোগ আৰু কিডনিৰ অস্বাভাৱিক গঠন আৰু ৰোগ পৰিয়ালত কিডনি ৰোগৰ ইতিহাস থক ৰোগীৰ বেছিকৈ হোৱাৰ আশংকা থাকে।

ইয়াৰ উপৰিও যিসকল লোকে ধূমপান কৰে আৰু শৰীৰৰ ওজন থাকিবলগাতকৈ বেছি থাকে(মেদবহুল), তেওঁলোকৰো কিডনিৰ ৰোগ হোৱাৰ আশংকা থাকে।

কিডনিৰ ৰোগৰ প্ৰধান লক্ষণবিলাকৰ ভিতৰত আছে- বমিৰ ভাব, বমি, ভোক কমি যোৱা, অলপতে ভাগৰ লগা, দুৰ্বলতা, টোপনি কম হোৱা, মানসিক চিন্তা, মাংসপেশী টানি ধৰা, খজুৱতি, ডিঙিৰ বিষ, হাত ভৰি আদি সিৰামূৰিয়ে ধৰা আৰু উচ্চ ৰক্তচাপ আদি।

অৱশ্যে এই লক্ষণবিলাকৰ লগত অন্য কিছুমান ৰোগৰ লক্ষণৰো মিল আছে বাবে অন্য ৰোগ হোৱা বুলি ভুল হ’ব পাৰে। কিডনিৰ ৰোগৰ কোনো বিশেষ চিকিৎসা নাই।

চিকিৎসা চলালেও এটা কথাৰ প্ৰতিহে লক্ষ্য ৰখা হয়, যাতে লক্ষণবিলাক নিয়ন্ত্ৰণত থাকে, উদ্বিগ্নতা বা দুশ্চিন্তা কমি থাকে আৰু ৰোগৰ গতি মন্থৰ হয়। যদি কোনো ৰোগীৰ কিডনি বেছি মাত্ৰাত ক্ষতিগ্ৰস্ত হৈ পৰে, তেনেহ’লে কিডনিৰ চিকিৎসা কৰোৱাৰ প্ৰয়োজন হ’ব পাৰে।

এনেদৰে ক্ষতিগ্ৰস্ত হৈ পৰা কিডনিৰ ৰোগীক চিকিৎসকে ডায়েলিচিছ কৰোৱা বা কিডনি ট্ৰান্সপ্লেন্ট কৰোৱাৰ পৰামৰ্শ দিব পাৰে।

কিডনিৰ ৰোগৰ পৰা হাত সৰি থাকিবলৈ আপুনি সদায় ফিট আৰু সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক। এনেদৰে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থাকিলে আপোনাৰ ৰক্তচাপ কম কৰি ৰখাত সহায় কৰিব।

আপোনাৰ ব্লাডচুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখক। কিয়নো ডায়েবেটিচত ভুগি থকা আধা সংখ্যক ৰোগীৰে কিডনিৰ ৰোগ হোৱাৰ আশংকা থাকে। লগতে সময়ে সময়ে ব্লাড প্ৰেছাৰো পৰীক্ষা কৰাই থাকক।

বৰ্ধিত ব্লাড প্ৰেছাৰ কিডনিৰ ক্ষতি কৰাৰ আটাইতকৈ মূল কাৰণ। এই ক্ষেত্ৰত আপোনাৰ লাইফষ্টাইল আৰু ডায়েট নিয়ন্ত্ৰণ কৰক আৰু খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ মানি চলক। স্বাস্থ্যসন্মত খাদ্য খাওক আৰু শৰীৰৰ ওজন কোনো কাৰণতে বৃদ্ধি হ’বলৈ নিদিব।

Related News