NORTHEAST NOW (Assamese)

সাৱধান, ধূমপান এৰি দিয়ক! ক’ভিডত মৃত্যুৰ সম্ভাৱনা ৫০ শতাংশ বৃদ্ধি কৰে ধূমপানে

May 30, 2021 4:04 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

সাৱধান, ধূমপানৰ পৰা দূৰৈত থাকক।

কাৰণ ধুমপানে ক’ভিড সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

তাৰ উপৰিও মৃত্যুৰ প্ৰৱণতাও ৫০ শতাংশ বৃদ্ধি কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব টেড্ৰচ আধানম গেব্ৰেচিয়াছে এই ভাষ্য প্ৰদান কৰিছে।

তেওঁ কয় যে দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা আৰু ক’ভিডত মৃত্যুৰ ৫০ শতাংশ সম্ভাৱনা বাঢ়ে ধূমপায়ীসকলৰ। সেয়ে ক’ভিডত মৃত্যুৰ সম্ভাৱনা কমাবলৈ ধূমপান বাদ দিয়াই শ্ৰেয়।

‘কমিট টু কুইক’ নামৰ ধপাত বিৰোধী সজাগতা অভিযান হিচাপে সংস্থাটোৱে বিশ্বৰ সকলো দেশকে এই অভিযানৰ অংশ ল’বলৈ আবেদন কৰিছে।

সামাজিক মাধ্যমযোগেও এই সজাগতা অভিযানৰ পোষকতা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

Related News