NORTHEAST NOW (Assamese)

কাৰ্যালয়ৰ ভিতৰত বা চৌহদত কৰিব নোৱাৰিব ধূমপান : কঠোৰ নিষেধাজ্ঞা চৰকাৰৰ

November 13, 2024 10:57 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এতিয়াৰে পৰা আৰু কাৰ্যালয়ৰ ভিতৰত বা চৌহদত ধূমপান কৰিব নোৱাৰিব। এই আদেশ উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ কৰ্ণাটক চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো একেধৰণৰ নিৰ্দেশনা জাৰি কৰিছে।

সূত্ৰ অনুসৰি কৰ্মচাৰী আৰু ধূমপান নকৰা লোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ মাজত ধূমপান সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবেও এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। কাৰ্যালয়ৰ সূত্ৰ অনুসৰি কাৰ্যালয়ৰ ভিতৰত চিগাৰেট, গুটকা আৰু পান মছলা সেৱনৰ অভিযোগ সংগ্ৰহ কৰা হৈছে। চৰকাৰী কাৰ্যালয় আৰু কাৰ্যালয় চৌহদত ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰা হৈছে বুলি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে।

চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী (বিজ্ঞাপন নিষেধাজ্ঞা আৰু বাণিজ্য নিয়ন্ত্ৰণ, উৎপাদন, যোগান, আৰু বিতৰণ) আইন, ২০০৩কে ধৰি বৰ্তমানৰ আইনসমূহৰ উল্লেখ কৰি এই নিষেধাজ্ঞা প্ৰণয়ন কৰা হৈছে। এই আইন অনুসৰি ৰাজহুৱা স্থানত ধঁপাত খোৱা নিষিদ্ধ।

গাইডলাইন অনুসৰি কৰ্মচাৰীসকলে নিষেধাজ্ঞাৰ পিছত নিৰ্দেশনা অমান্য কৰিলে অনুশাসন ভংগৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Related News