NORTHEAST NOW (Assamese)
ক্ৰীড়া

আইচিচি – ৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত স্মৃতি মান্ধানা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2022 4:20 pm
Smriti Mandhana

আজি ঘোষণা কৰা ২০২১ বৰ্ষৰ আইচিচি মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে ভাৰতীয় তাৰকা খেলুৱৈ স্মৃতি মান্ধানাক।

বৰ্ষটোত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ প্ৰদৰ্শন উন্নত নহ’লেও ব্যক্তিগতভাৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল মান্ধানাই।

২৫ বৰ্ষীয় বাঁওহতীয়া তাৰকা বেটাৰ গৰাকীয়ে ২০২১ বৰ্ষত এটা শতক আৰু পাঁচটা অৰ্ধশতকৰ সৈতে ৩৮.৮৬ গড়ে ২২ খন আন্তঃৰাষ্ট্ৰীয় খেলত ৮৫৫ ৰাণ সংগ্ৰহ কৰিছিল।

বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ ৰাচেল হেইহো ফ্লিণ্ট ট্ৰফীৰ দৌৰত মান্ধানাৰ প্ৰতিদ্বন্দী হিচাপে আছিল ইংলেণ্ডৰ টেমি বিউমন্ট, দক্ষিণ আফ্ৰিকাৰ লিজেল লী আৰু আয়াৰলেণ্ডৰ গেবি লুইছ।

 

মান্ধানাই কেৰিয়াৰত দ্বিতীয় বাৰৰ বাবে এই সন্মান লাভ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৮ চনতো বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে মনোনীত হৈছিল।

এইদৰে দ্বিতীয় বাৰৰ বাবে এই সন্মান লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় মান্ধানা।

এই বঁটা লাভ কৰা আনগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হৈছে ঝুলন গোস্বামী। ২০০৭ চনত গোস্বামীয়ে এই সন্মান লাভ কৰিছিল।