NORTHEAST NOW (Assamese)

অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা ৰাজহুৱা কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

July 12, 2020 9:27 pm · পুলেন্দ্ৰ দাস
ফটো : নৰ্থ-ইষ্ট নাও

কৃষক নেতা অখিল গগৈ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পিছতো আৰু গুৰুতৰভাৱে অসুস্থ হোৱা অখিল গগৈৰ অসুস্থতাক লৈ সোণোৱাল চৰকাৰে ভয়ংকৰ আৰু নিকৃষ্ট ৰাজনীতি কৰিবলৈ নেৰিলে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে এই অভিযোগ উত্থাপন কৰাৰ লগতে সোণোৱাল চৰকাৰক ধিক্কাৰ জনায়।

তেওঁ কয়, ‍‘কোনো ক’ৰ’না ৰোগীৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰিবলগীয়া হোৱা নাই’।

অখিল গগৈৰ প্ৰতি এই চৰকাৰৰ আক্ৰোশমূলক দৃষ্টিভঙ্গীৰ কথা সকলোৱে জানে বুলি উল্লেখ কৰি অখিল গগৈৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰাৰ কথাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰা বুলি ছাত্ৰ মুক্তিৰ নেতা গৰাকীয়ে কয়।

তেওঁ লগতে কয় যে চৰকাৰে ইচ্ছাকৃতভাৱে অৱহেলা আৰু ষড়যন্ত্ৰ কৰি অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাই তিলে তিলে হত্যাৰ ষড়যন্ত্ৰ কৰি এতিয়া চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি দায়িত্ব সঠিকভাৱে পালন কৰাৰ ভাও জুৰি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে।

চৰকাৰৰ জিম্মাত অৱস্থাত ক’ৰ’নাত আক্ৰান্ত হোৱা কৃষক নেতা অখিল গগৈসহ অইন দুই সতীৰ্থক যদিহে কিবা হ’বলগীয়া হয় তেন্তে সৰ্বা-হিমন্তৰ দল আৰু চৰকাৰ ৰাইজৰ খং-ক্ষোভত সম্পূৰ্ণ জাহ যাব বুলি চৰকাৰক সকীয়াই দিয়ে ছাত্ৰ মুক্তিৰ নেতা গৰাকীয়ে।

Related News