NORTHEAST NOW (Assamese)
অসম

লেখাপানীত সীমা সমস্যা সমাধানৰ দাবীত ছাত্র মুক্তিৰ উত্তাল বিক্ষোভ, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা April 12, 2022 7:30 am

অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ লৈ পুনৰ সৰৱ হৈ পৰিছে  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৱে সোমবাৰে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত অসমৰ ভূমিত অৰুণাচল প্ৰদেশৰ আগ্ৰাসন ৰোধ তথা দুয়োখন ৰাজ্যৰ সীমা বিবাদ শীঘ্ৰে নিষ্পত্তি কৰাৰ দাবীত উত্তাল বিক্ষোভ কাৰ্যসূচী পালন কৰে।

লেখাপানীৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ টিৰাপ জাগুন আঞ্চলিক আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

লগতে পঢ়ক: ‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

অসমৰ ভূমিত অৰুণাচলৰ আগ্ৰাসনৰ বিৰোধিতাৰে যোৱা ২১ মাৰ্চ তাৰিখে ছাত্ৰ সংগঠনটোৱে জাগুনত এখন সংবাদ মেলৰ আয়োজন কৰি  অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্রেৰণ কৰিছিল। ২১ মাৰ্চৰ সংবাদ মেল আৰু স্মাৰক পত্র প্রদানৰ পাছতো অসম তথা ভাৰত চৰকাৰে চুবুৰীয়া ৰাজ্য দুখনৰ সীমা বিবাদ সমাধানৰ বাবে কোনধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলশ্ৰুতিতেই পুনৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে।

উল্লেখ্য যে মাৰ্ঘেৰিটা সমষ্টিৰ নামটক, নামদাং, লিডু, বমগাৰা, সঞ্জু, দহ মাইল আদি অঞ্চলৰ কেইবাহাজাৰ হেক্টৰ বনাঞ্চল অৰুণাচল প্ৰদেশে আগ্ৰাসন কৰাৰ ভয়াবহ তথ্য সংগঠনটোৱে সদৰি কৰি অসমৰ ভূমি কোনো কাৰণতে দিয়া নহ’ব বুলি হুংকাৰ  প্ৰদান কৰে।

ছাত্র মুক্তি সংগ্রাম সমিতিৰ এই প্রতিবাদী কাৰ্য্যসূচীত কেন্দ্রীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি পাপু দত্ত আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাহুল ছেত্রীয়েও অংশ গ্রহণ কৰি দুইখন ৰাজ্যচৰকাৰ তথা কেন্দ্ৰ চৰাকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ অপৰাধ হ্ৰাসৰ দাবীৰ দুদিন পাছতে গুৱাহাটীত ৫ টাকৈ হত্যাকাণ্ড, মৃতদেহ উদ্ধাৰ আৰু আত্মহত্যাৰ ঘটনা

প্রতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। পাছত লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্রদান কৰি শীঘ্রে সীমা সমস্যা সমাধানৰ দাবী জনায়। ছাত্ৰ মুক্তিৰ এই প্ৰতিবাদৰ পাছত চৰকাৰ প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।