NORTHEAST NOW (Assamese)
Popular Stories

কৰ্ণাটকত ভোটগণনাৰ মাজতে বিজেপি কাৰ্যালয়লৈ যোৱা মুখ্যমন্ত্ৰী বোম্মাইৰ সন্মুখত সাপ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2023 10:51 am

কৰ্ণাটকত ভোটগণনাৰ সময়ত বিজেপিৰ কাৰ্যালয়ত এটা সাপে আতংকৰ সৃষ্টি কৰে। বিদায়ী মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই শনিবাৰে পুৱা শ্বিগাও অঞ্চলত থকা দলটোৰ শিবিৰ কাৰ্যালয় পৰিদৰ্শন কৰে। সেই অফিচ চৌহদত হঠাৎ এটা সাপ উদ্ধাৰ হয়। যাৰ ফলত চৌদিশে আতংকৰ সৃষ্টি হয়।

ইতিমধ্যে বাতৰিত প্ৰচাৰ লাভ কৰিছে এটা ভিডিঅ’ই। সেই ভিডিঅ’টোত দেখা গৈছে যে বোম্মাই বিজেপিৰ কাৰ্যালয়লৈ গৈছিল। দলৰ নেতাসকলো তেওঁৰ লগত আছিল। সেই সময়তে অফিচ চৌহদত দেখা গৈছিল সাপটো। লগে লগে সাপটোক উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: Karnataka Election Result 2023: পুৱাই ১০০তকৈয়ো অধিক আসনত অগ্ৰগতি! কংগ্ৰেছত আনন্দৰ লহৰ

ইপিনে, কৰ্ণাটকত গণনা আৰম্ভ হোৱাৰ সময়ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত যুঁজ চলিছে। কিন্তু কিছু সময়ৰ পাছত দেখা গ’ল যে কংগ্ৰেছে বিজেপিক বহু পিছ পেলাই গৈছে। অৱশেষত কোনে কৰ্ণাটকৰ ক্ষমতা দখল কৰিব সেয়া কেইঘণ্টামানৰ পিছত স্পষ্ট হ’ব।

শনিবাৰে গণনা আৰম্ভ হোৱাৰ লগে লগে বোম্মাই হুবলীৰ এটা হনুমান মন্দিৰ পৰিদৰ্শন কৰে। চৰকাৰ গঠনৰ বাবে আত্মবিশ্বাসী বোম্বাই। তেওঁ কয়, কৰ্ণাটকৰ বাবে আজি এটা ডাঙৰ দিন। মোৰ বিশ্বাস বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পাই চৰকাৰ গঠন কৰিব।