NORTHEAST NOW (Assamese)
অসম

পহিলা জানুৱাৰীত প্ৰকৃতিৰ বিচিত্ৰতা, ডিমা হাছাওত আৰম্ভ হ’ল তুষাৰপাত !

Posted by: পঙ্কজকুমাৰ দেৱ Updated by: পঙ্কজকুমাৰ দেৱ January 1, 2021 7:33 pm
IMG-20210101-WA0025

নতুন বছৰৰ প্ৰথম দিনা ডিমা হাছাও পৰ্যটনৰ কাৰণে ভাল খবৰ।

সেউজীয়া পাহাৰত এতিয়া তুষাৰপাত হৈছে। তুষাৰপাত হৈছে হাফলংৰ পৰা ৭৫ কিলোমিটাৰ নিলগৰ লাইছং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জেমি নগা অধ্যুষিত কেপেইল’ গাঁৱত।

যোৱা কেইবা দিন ধৰি তুষাৰপাত হৈছে। ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেপেইল’ গাঁৱত যোৱা প্ৰায় সপ্তাহ দিন ধৰি তুষাৰপাত হৈছে।

তুষাৰপাতৰ কাৰণে সৃষ্টি হোৱা বৰফে আবৃত কৰিছে গোটেই এলেকা।

বড়াইল পাহাৰৰ দাঁতিত থকা জেমি নগা অধ্যুষিত কেপেইল’ গাঁৱত তুষাৰপাতক লৈ স্থানীয় ৰাইজ উৎফুল্লিত ।

IMG_20210101_173824

হাফলঙৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগত থকা লাইছং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কেপেইল’ গাঁও।

জানিব পৰা মতে যোৱা কিছু দিন ধৰি কেপেইল’ত তুষাৰপাত হৈছে।

অৱশ্যে এয়া নতুন  ঘটনা নহয়। যোৱা কেইবা বছৰ ধৰি কেপেইল’, নিয়াঙল’ গাঁৱত তুষাৰপাত হৈ আছে।

তুষাৰপাতৰ কাৰণে জলাশয়ৰ পানীও বৰফত পৰিণত হৈছে।‌

কিন্তু কেপেইল’ গাঁৱৰ এই তুষাৰপাত পোহৰলৈ অহা নাই। যাৰ বাবে কেপেইল’ গাঁৱত তুষাৰপাতৰ খবৰ কোনেও নাজানে।

উল্লেখনীয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে পাৰ্বত্য ডিমা হাছাও জিলাৰ পৰ্যটনৰ উন্নয়নৰ হকে নতুন নতুন পদক্ষেপ লোৱা সময়ত তুষাৰপাতৰ খবৰ নিশ্চয়কৈ পাৰ্বত্য পৰ্যটনৰ কাৰণে নতুন খবৰ।

অহা দিনত কেপেইল’ তুষাৰপাতৰ কাৰণে পৰ্যটনৰ অন্যতম আকৰ্ষণ হৈ পৰিব সন্দেহ নাই।।

অকল কেপেইল’ নহয় ডিমা হাছাও জিলাৰ দক্ষিণ পশ্চিম এলেকাত অবস্থিত থুৰুক গাঁৱতও তুষাৰপাতৰ খবৰ পোৱা গৈছে। থুৰুক হাফলঙৰ পৰা ১১২ কিলোমিটাৰ নিলগত অবস্থিত বেইটে জনগোষ্ঠী অধ্যুষিত গাঁও।