NORTHEAST NOW (Assamese)

ইজৰাইল-হামাছৰ সংঘাতত নিহত ২৯ জন সাংবাদিক; নিৰাপত্তাৰ নিশ্চয়তা নিদিয়ে ইজৰাইলে

October 29, 2023 11:49 am · এন ই নিউজ, গুৱাহাটী
Updated: October 29, 2023 11:53 am
ফটোঃ সংগ্ৰহীত।

চলি থকা পেলেষ্টাইন-ইজৰাইল সংঘাতত এতিয়ালৈকে কমেও ২৯ জন সাংবাদিক নিহত হৈছে। ইয়াৰ ভিতৰত গাজাত ইজৰাইলৰ আক্ৰমণত ২৫ জন নিহত হয়। বিশ্বত সাংবাদিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰা সংস্থা কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্ট (চিপিজে)য়ে এক বিবৃতিত এই তথ্য প্ৰকাশ কৰিছে।

চিপিজেৰ তথ্য অনুসৰি মৃত সাংবাদিকসকলৰ ভিতৰত আছে ২৪জন পেলেষ্টাইনী, ৪জন ইজৰাইলী আৰু ১জন লেবাননৰ নাগৰিক।

তদুপৰি, চিপিজে-য়ে ৮জন সাংবাদিক আহত আৰু ৯জন নিৰুদ্দেশ বা আৱদ্ধ হৈ থকাৰ কথা জানিব পাৰিছে। চিপিজে নিজৰ ৱেবছাইটত এই তথ্য প্ৰদান কৰিছে।

লগতে পঢ়কঃ কয়লা খনিত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৩২জনৰ মৃত্যু, ১৪জন সন্ধানহীন

ইজৰাইল-পেলেষ্টাইন সংঘাত আৰম্ভ হোৱা ৭ অক্টোবৰৰ দিনটোৰ পৰা ২৬ অক্টোবৰলৈকে এই সাংবাদিকসকল আহত, নিৰুদ্দেশ বা আটক কৰা হৈছিল বুলি চিপিজে জনায়। আহত সাংবাদিকসকলৰ তথ্য বিভিন্ন সংবাদ মাধ্যম আৰু নিজা সূত্ৰৰ জৰিয়তে সংগ্ৰহ কৰিছে চিপিজে-য়ে।

চিপিজেৰ তথ্য বিশ্লেষণত দেখা গৈছে যে এই সাংবাদিকসকল মুঠ ১৭টা সংবাদ মাধ্যমৰ সৈতে জড়িত আছিল। সৰ্বাধিক নিহত সাংবাদিক হামাছৰ সমৰ্থিত ৰেডিঅ’ আল আকছাৰৰ। এই সংবাদ মাধ্যমৰ ৭ জন সাংবাদিক নিহত হৈছে।

লগতে পঢ়কঃবৃহৎ নদীবান্ধ: পুঁজিপতিৰ স্বাৰ্থত জলবোমা তৈয়াৰ কৰি মানৱ অধিকাৰ উলঙ্ঘনৰ দিশে চৰকাৰ-ডঃ দিব্যজ্যোতি শইকীয়া

নিহত হোৱা আন সাংবাদিকসকলৰ ভিতৰত আছে ৰয়টাৰৰ ভিডিঅ’গ্ৰাফাৰ ইয়াম আব্দুল্লা। ১৩ অক্টোবৰত লেবাননত ইজৰাইলৰ গোলাবৰ্ষণত তেওঁ নিহত হৈছিল। ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে ছাইদ আল তাৱেল নামৰ এজন সাংবাদিক। তেওঁ আছিল পেলেষ্টাইনৰ অনলাইন কাকত আল-খামাছাৰ মুখ্য সম্পাদক।

ইয়াৰ উপৰিও মৃতসকলৰ ভিতৰত ৪ জন ফ্ৰী লান্স সাংবাদিকো আছে। পেলেষ্টাইনত ইজৰাইলৰ আক্ৰমণত এই আটাইকেইজনেই নিহত হয়।

লগতে পঢ়কঃICC Cricket World Cup 2023: স্বপ্নভংগ বাংলাদেশৰ! নেদাৰলেণ্ডৰ বলিং বিক্ৰমৰ আগত আত্মসমৰ্পন ছাকিব বাহিনীৰ

ইপিনে,,ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ৰয়টাৰ আৰু এ এফ পিক জনোৱা মতে, তেওঁলোকে গাজাত সাংবাদিকসকলৰ সুৰক্ষাৰ নিশ্চয়তা দিব নোৱাৰে।

Related News