NORTHEAST NOW (Assamese)

মৰিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী সীমান্ত কাকতিৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ

November 18, 2020 9:11 pm · চানু গগৈ

মৰিগাঁও চহৰৰ নিকটৱৰ্তী বাচনাঘাট গাঁৱৰ নিৰ্বাসী তথা একাধিক সামাজিক অনুষ্ঠানৰ লগত জড়িত আৰু সক্ৰিয় ৰাজনৈতিক কৰ্মী হিচাপে পৰিচিত সীমান্ত কাকতিৰ মৃত্যু হয়।

সীমান্ত কাকতি ওৰফে জিতেনে কাৰণত মঙ্গলবাৰে নিশা ১১ মান বজাত নিজ গৃহত মৃত্যুক আকোঁৱালি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪৫ বছৰ।

তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ বাবে ৰসৰাজ যুৱক সংঘ ও পুথিভঁৰাল, বাচনাঘাট সাৰ্বজনীন দূৰ্গা পূজা সমিতি, খান্দাজান গাঁওৰক্ষী বাহিনী, খান্দাজান ব্যৱসায় সমিতি, আঞ্চলিক ৰাস উদযাপন সমিতিৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে একোখনকৈ গামোচা আৰু দলীয় পতাকাৰে সন্মান যাচি এক মিনিট সময় মৌন প্ৰাৰ্থনা অৱলম্বন কৰে।

ইফালে খান্দাজান ব্যৱসায় সন্থাই দুঘণ্টাৰ বাবে দোকান বন্ধ ৰখা পৰিলক্ষিত হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত মানিপুৰ গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্যা, মৰিগাঁও জিলা ন্যায়ালয়ৰ নটাৰী পাব্লিক মৃণাল ডেকাসহ ভালেসংখ্যক গুণমুগ্ধ উপস্থিত থাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেখেতে পত্নীৰ লগতে দুজনী কন্যা আৰু এজন পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

Related News