NORTHEAST NOW (Assamese)

মন্ত্ৰী হিমন্তক গুলীয়াই হত্যা কৰাৰ ভাবুকি; হিৰণ্য পাঠৰীৰ থানাত এজাহাৰ দাখিল

October 30, 2019 10:18 pm · কল্পজ্যোতি শইকীয়া

মুখ্য মন্ত্ৰীৰ পিছতে এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ ভাবুকি এজন যুৱকৰ। যুৱকজনে ফেচবুকৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰিছে।

ফেচবুকৰ জৰিয়তে অহা ১০ দিনৰ ভিতৰত গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা যুৱকজনক ৰাজীৱ হাণ্টাৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

যুৱকজনে ফেচবুকৰ জৰিয়তে মন্ত্ৰী হিমন্তক হত্যাৰ ভাবুকি দিয়াৰ লগতে মন্ত্ৰী গৰাকীক বিভিন্ন অশ্লীল ভাষাৰে গালি- গালাজো পাৰে।

অৱশ্যে ছচিয়েল মিডিয়াত এই প’ষ্টটো ভাইৰেল হৈ পৰাত যুৱকজনে নিজৰ ফেচবুকৰ পৰা এই প’ষ্টটো আঁতৰাই দিয়ে।

আনহাতে এই ফেচবুক পোষ্টক কেন্দ্ৰ কৰি দিচপুৰ থানাত নিশা এজাহাৰ দাখিল কৰিছে হিৰণ্য পাঠৰী নামৰ এজন বিজেপি কাৰ্যকৰ্তাই। পাঠৰীয়ে ৰাজীৱ হাণ্টাৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়।

Related News