NORTHEAST NOW (Assamese)
দেশ

সংবিধানৰ নতুন প্ৰতিলিপিৰ প্ৰস্তাৱনাত নাই ‘সমাজবাদী-ধৰ্মনিৰপেক্ষ’ শব্দ! কংগ্ৰেছ নেতাৰ বিস্ফোৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2023 11:13 am
new Parliament building

মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি হ’ল নতুন সংসদ ভৱন। সংসদৰ বিশেষ অধিৱেশনেৰে কালি নতুন সংসদ ভৱনৰ মুকলি কৰা হয়। পিছে গণতন্ত্ৰৰ মন্দিৰ খ্যাত সংসদৰ এই নতুন ভৱন মুকলিৰ দিনাই দেশৰ সংবিধানত আক্ৰমণৰ অভিযোগ উঠিছে।

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কৰা বিস্ফোৰক দাবী মতে, নতুন সংসদ ভৱন মুকলিৰ সময়ত সাংসদসকলৰ হাতত দিয়া সংবিধানৰ নতুন প্ৰতিলিপিৰ প্ৰস্তাৱনাত নাই ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ।

এক সাক্ষাৎকাৰত চৌধুৰীয়ে কয়, “আমি জানো যে ১৯৭৬ চনত সংশোধনীৰ পিছত এই শব্দকেইটা সংযোজন কৰা হৈছিল।” কিন্তু সাংসদৰ হাতত দিয়া সংবিধানৰ প্ৰতিলিপিত যদি সেই শব্দ দুটা নাথাকে, সেয়া চিন্তাৰ বিষয় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

তেওঁ লগতে বিজেপি এই উদ্দেশ্য সন্দেহজনক বুলি অভিযোগ কৰি অত্যন্ত চতুৰতাৰে এই কাৰ্য কৰা হৈছে বুলি দাবী কৰে। সংসদত তেওঁ এই বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও সুযোগ লাভ নকৰিলে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

চলিত বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা কংগ্ৰেছ নেতাগৰাকীয়ে ‘ভাৰত’ আৰু ‘ইণ্ডিয়া’ৰ মাজত অপ্ৰয়োজনীয় বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা নকৰিবলৈও সকীয়াই দিয়ে। ভাৰতৰ সংবিধান অনুসৰি দুয়োটাৰ মাজত কোনো পাৰ্থক্য নাই বুলি তেওঁ আঙুলিয়াই দিয়ে।

সংবিধানৰ ১ নং অনুচ্ছেদত ‘ইণ্ডিয়া অৰ্থাৎ ভাৰত….’ ৰ জৰিয়তে আৰম্ভ হোৱা বাক্যৰ উদ্ধৃতি দি তেওঁ ইণ্ডিয়া আৰু ভাৰতৰ মাজত কোনো পাৰ্থক্য নাই বুলি যুক্তি দৰ্শায়।