NORTHEAST NOW (Assamese)

জাগীৰোডত সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

November 11, 2020 6:46 am · এন ই নাও নিউজ

দীৰ্ঘদিনধৰি চৰকাৰী বঞ্চনা আৰু অৱহেলিত হৈ অহা সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি ছহিদ লক্ষী ডেকা হাইস্কুলৰ সভাকক্ষত অনুষ্ঠিত হয় ৷

চৰকাৰে বিভিন্ন সময়ত পৰিষদক বিভিন্ন আস্বাস তথা প্ৰতিশ্ৰুতি প্ৰদাণ কৰি আহিছে যদিও কাৰ্যতঃ সেই চৰকাৰী আস্বাসৰ পৰা উপেক্ষিত হৈ আহিছে ছহিদ পৰিয়ালৰ দুৰ্ভগীয়া সদস্যসকল ।

সেই উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷অহা ৩০ নবেম্বৰৰ ভিতৰত যদি শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক অসম চৰকাৰে নিযুক্তি নিদিয়ে তেন্তে ৩ ডিচেম্বৰত অৱস্থান ধৰ্মঘট আৰু৭ ডিচেম্বৰত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সভাত প্ৰস্তাৱ গ্ৰহণৰ লগতে পৰিষদৰ কাৰ্যকাল ছয় মাহলৈকে বৃদ্ধি কৰা হয় বুলি প্ৰস্তাৱ গ্ৰহণ কৰে ৷

এই হময়সীমাৰ%ভিতৰত ৰাজ্য চৰকাৰে যদি সহাঁৰী নিদিয়ে তেতিয়া হ’লে জনসাধাৰণৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলিও
সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় সভাত জাতীয় শ্বহীদ পৰিষদৰ সভাপতি ৰাজেন ডেকা, সম্পাদক চন্দ্ৰকান্ত তালুকদাৰ, উপসভাপতি দীপক হুজুৰী , উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মা, সদস্য কন্দৰ্প ডেকাৰ লগতে কাৰ্যনিৰ্বাহক সদস্য সকল উপস্থিত থাকে ৷

ইফালে পৰৱৰ্তী কেন্দ্ৰীয় অধিবেশনখনি শোণিতপুৰ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হ’ব বুলিও সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

Related News