NORTHEAST NOW (Assamese)

বিশ্বকাপৰ আনন্দত চেঁচা পানী ঢালিছে নেকি আমেৰিকাই? বিমান বন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হ’ল ফিফাৰ মনোনীত আফ্ৰিকান ৰেফাৰীক

June 10, 2026 10:16 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ যৌথ উদ্যোগত ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ প্ৰব্ৰজন নীতিয়ে ক্ৰীড়াক্ষেত্ৰত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। দেশখনৰ প্ৰব্ৰজন নীতি  অনুসৰি ভ্ৰমণ ভিছা নিষিদ্ধ দেশৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে ছোমালিয়াৰ নাগৰিক তথা আফ্ৰিকাৰ অন্যতম শ্ৰেষ্ঠ ৰেফাৰী ওমৰ আব্দুলকাদিৰ আৰ্টানক বৈধ ভিছা আৰু কূটনৈতিক পাছপ’ৰ্ট থকাৰ পিছতো মায়ামি বিমান বন্দৰৰ পৰা দেশখনত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি ঘূৰাই পঠিওৱা হৈছে।

ফিফাই আগন্তুক বিশ্বকাপৰ মেচ পৰিচালনাৰ বাবে প্ৰস্তুত কৰা ৫২ জনীয়া ৰেফাৰীৰ তালিকাত আৰ্টানৰ নাম সন্নিৱিষ্ট আছিল। ২০২৫ চনত আফ্ৰিকাৰ শ্ৰেষ্ঠ ৰেফাৰীৰ বঁটা লাভ কৰা আৰ্টান আছিল বিশ্বকাপৰ মেচ পৰিচালনা কৰাৰ দায়িত্ব লাভ কৰা ছোমালিয়াৰ প্ৰথমগৰাকী ৰেফাৰী। লগতে তেওঁ ছোমালিয়াৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অন্যতম প্ৰধান পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱাৰ ফলত তেওঁ বাধ্য হৈ ইস্তানবুললৈ উভতি যাবলগীয়া হয় আৰু ইয়াৰ লগে লগে তেওঁৰ বিশ্বকাপত ৰেফাৰী হিচাপে অংশগ্ৰহণ কৰাৰ যাত্ৰাত যতি পৰে।

এই ঘটনাক লৈ সমগ্ৰ ফুটবল বিশ্বত অসন্তুষ্টিৰ সৃষ্টি হৈছে। ছোমালিয়াৰ প্ৰাক্তন ফুটবল অধিনায়ক চিছে আদেন আবছিৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে ওমৰ আৰ্টান আফ্ৰিকাৰ আটাইতকৈ সন্মানীয় ৰেফাৰী আৰু সমগ্ৰ ফুটবল বিশ্ব তেওঁৰ কাষত থিয় দিয়া উচিত। তেওঁ লগতে কয় যে আমেৰিকাত প্ৰৱেশত বাধা দিয়াটো আৰু বিশ্বকাপৰ মেচ পৰিচালনাৰ সুযোগ কাঢ়ি নিয়াটো কেৱল তেওঁৰ ব্যক্তিগত ক্ষতি নহয়, বৰঞ্চ ই ফুটবলৰ ন্যায্যতা, অৰ্হতা আৰু ফেয়াৰ প্লেৰ প্ৰতি থকা অংগীকাৰকো ক্ষুণ্ণ কৰে।

কেৱল আৰ্টানেই নহয়, আমেৰিকাৰ এই নীতিৰ বলি হৈছে আন বহুতো খেলুৱৈ আৰু বিষয়ববীয়া। ইৰাকৰ ষ্ট্ৰাইকাৰ আয়মেন হুছেইনক আমেৰিকাত উপস্থিত হোৱাৰ পিছত দীঘলীয়া জেৰাৰ সন্মুখীন হ’বলগীয়া হয়। একেদৰে, ইৰাকৰ বিশ্বকাপ দলৰ চিত্ৰগ্ৰাহক তালাল শ্বাহক দহ ঘণ্টাতকৈ অধিক সময় ধৰি জেৰা কৰা হয়। ইয়াৰ পূৰ্বে ইৰানৰ ফুটবল খেলুৱৈ আৰু প্ৰশিক্ষকসকলক ভিছা প্ৰদানৰ ক্ষেত্ৰতো আমেৰিকা প্ৰশাসনে যথেষ্ট বিলম্ব কৰিছিল। ইৰান আৰু আফ্ৰিকাৰ কেইবাখনো দেশৰ সাংবাদিক তথা ক্ৰীড়াপ্ৰেমীসকলক আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ চৰ্ত আৰোপ কৰা হৈছে আৰু বহুতো লোকক কেৱল এবাৰ প্ৰৱেশৰ অনুমতি থকা ভিছাহে প্ৰদান কৰা হৈছে, যাৰ ফলত তেওঁলোকে কানাডা বা মেক্সিকোলৈ গ’লে পুনৰ আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব।

প্ৰথমবাৰৰ বাবে ৪৮ খন দেশৰ অংশগ্ৰহণেৰে আয়োজিত হ’বলগীয়া এই বিশ্বকাপখনক লৈ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। ফিফাই আয়োজক আমেৰিকা, কানাডা আৰু মেক্সিকোতে পৃথকে পৃথকে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। অহা ১১ জুন তাৰিখে মেক্সিকোৰ বিখ্যাত এজটেকা ষ্টেডিয়ামত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনেৰে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ ঘটিব যদিও প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই আমেৰিকাৰ প্ৰব্ৰজন নীতিক লৈ সৃষ্টি হোৱা এই বিতৰ্কই ফিফা আৰু আয়োজক দেশসমূহৰ বাবে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

Related News