NORTHEAST NOW (Assamese)
Popular Stories

ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰকাৰী সকলে জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2020 4:31 pm
Indane-Gas

যদি আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেন্তে আজি আমি এই বিশেষ লিখনিটোৰ জৰিয়তে আপোনাক জনাবলৈ চেষ্টা কৰিম কেইবাটাও গুৰুত্বপূৰ্ণ তথা জানিবলগীয়া কথা।

এই যে চিলিণ্ডাৰ দাঙিব পৰা ৰিং বা খাৰু ডালৰ তলতে ক’লা ৰঙত বগা ৰঙেৰে বা বগা ৰঙত ক’লা ৰঙেৰে লিখি থোৱা A-21 বা A-25 আখৰ আৰু সংখ্যা কেইটা দেখিছে, সিহঁতে আমাক কিহৰ ইংগিত দিয়ে?(ছবিত চাই ল’ব পাৰিব)

আচলতে সেয়া চিলিণ্ডাৰৰ ব্যৱহাৰৰ উপযোগী হৈ থকাৰ ম্যাদৰ সংকেত।

84049008_2781914868582171_6414560358387679232_n

চিলিণ্ডাৰত লিখি থোৱা সেই সংখ্যা বা আখৰ সমূহে কি বুজাই সেয়া জানো আহক

বৰ্তমান ২০২০ চন চলি আছে। ধৰি লওক, আপুনি আনিব যোৱা চিলিণ্ডাৰটোত A-21 লিখা আছে, তাৰ অৰ্থ হ’ল- সেই চিলিণ্ডাৰটো ২০২১ চনৰ জানুৱাৰি মাহৰ পৰা মাৰ্চ মাহলৈকে ব্যৱহাৰৰ উপযোগী হৈ থাকিব।

চিলিণ্ডাৰটোৰ ব্যৱহাৰৰ ম্যাদ উকলিলে সি অঘটন অৰ্থাৎ বিস্ফোৰণো ঘটাবগৈ পাৰে।

যদি আপুনি A-25 বুলি লিখা চিলিণ্ডাৰটো লাভ কৰে তেন্তে তাৰ ব্যৱহাৰৰ ম্যাদ ২০২৫ চনৰ জানুৱাৰিৰ পৰা মাৰ্চ মাহলৈকে থাকিব।

এইখিনিতে এটা প্ৰশ্ন আপোনাৰ মনত উদয় হ’ব পাৰে। সকলোবোৰ চিলিণ্ডাৰতে বাৰু A-21, A-25 বুলিয়েই লিখা থাকিব নেকি? ইয়াৰ উত্তৰ হ’ল নাথাকে।

অৰ্থাৎ B-22, C-26, D-28 বা A-29 এনেকৈও লিখা থাকিব পাৰে।

এতিয়া আহক A B C D এই আখৰ কেইটাই কি অৰ্থ বহন কৰে তাৰ বিষয়ে জানো

আখৰ কেইটাই এটা বছৰৰ ১২ মাহক একাদিক্ৰমে ৩ মাহকৈ ভগাই লৈছে। যেনে- A আখৰটোৱে জানুৱাৰি, ফেব্ৰুৱাৰি আৰু মাৰ্চলৈকে আৰু ঠিক তেনেকৈ B- আখৰটোৱে এপ্ৰিল, মে, জুনলৈকে বুজায়।

এতিয়া আপুনি যদি গেছ ভৰ্তি চিলিণ্ডাৰটো ল’ব ধৰোঁতেই তাত C-28 বা D-28 বুলি লিখি থোৱা দেখে, তেন্তে জানিব সেইটোৰ ব্যৱহাৰৰ উপযোগী ম্যাদ ২০২৮-২৯ চনৰ জুলাই, আগষ্ট, চেপ্তেম্বৰ আৰু অক্টোবৰ, নবেম্বৰ, ডিচেম্বৰলৈকে আছে।

মন কৰিবলগীয়া কথাটো হ’ল, চিলিণ্ডাৰ আনিবলৈ যাওঁতে আপুনি নিজে নহয়তো আপোনাৰ দৰেই এই কথা কেইটা জনা লোককহে পঠোৱাটো উচিত। অন্যথা কেতিয়াবা হয়তো ম্যাদ শেষ হৈ যোৱা চিলিণ্ডাৰ আপোনাৰ ঘৰত সোমাই অঘটন ঘটাব পাৰে।