NORTHEAST NOW (Assamese)

‘কিছুমান মানুহে মোক গণতন্ত্ৰৰ শিক্ষা দিব খুজিছে’; কাক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে ক’লে?

December 26, 2020 5:31 pm · এন ই নাও নিউজ

বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত দিল্লী সংযোগী সীমান্তৱৰ্তী অঞ্চলত কৃষকৰ প্ৰতিবাদে ৩১ টা দিন অতিক্ৰম কৰাৰ সময়তে এই তিনি আইনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীৰ্যক মন্তব্যৰে আক্ৰমণ কৰিছে বিৰোধীক।

বিৰোধী তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কিছু দিল্লীৰ পৰা কিছু লোকে তেওঁক গণতন্ত্ৰ শিক্ষাৰ দিব খুজিছে।

‘যিয়ে মোক গণতন্ত্ৰৰ শিক্ষা দিব খুজিছে তেওঁৰ দলে ক্ষমতাত থকা ৰাজ্যত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্বেও নিৰ্বাচন অনুষ্ঠিত কৰা নাই।’ বুলিও মোদীয়ে কটাক্ষ কৰে ৰাহুল গান্ধীক।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে বিতৰ্কিত তিনি কৃষি আইনৰ বিৰোধিতাৰে দুইকোটি মানুহৰ স্বাক্ষৰসম্বলিত এখন দাবী ৰাষ্ট্ৰপতিক অপৰ্ণ কৰিবলৈ ৰাহুল গান্ধীৰ নেতৃত্বত এদল কংগ্ৰেছ সাংসদে ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল।

কিন্তু দিল্লী আৰক্ষীয়ে উক্ত প্ৰতিনিধি দলটোক ৰাষ্ট্ৰপতিক সাক্ষাৎৰ অনুমতি নিদিলে। প্ৰিয়ংকা আৰু ৰাহুল গান্ধীসহ বহু কেইজন কংগ্ৰেছ সাংসদক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ কয়, “দেশত গণতন্ত্ৰ নাই। যিয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মাত মাতিব সিয়েই দেশদ্ৰোহীৰ আখ্যা পায়। আৰএছএছ প্ৰধান মোহন ভাগৱতেও মোদীৰ বিৰোধিতা কৰিলে তেওঁকো সন্ত্ৰাসবাদী আখ্যা দিয়া হ’ব।”

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিন নিশ্চুপ আছিল যদিও আজি ভিডিঅ’ কনফাৰেন্স যোগে জন্মু আৰু কাশ্মীৰত ‘আয়ুস্মমান ভাৰত’ উন্মোচন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তাৰ প্ৰত্যুত্তৰ দি আক্ৰমণৰ লক্ষ্য কৰি লয়।

Related News