NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত মাতৃ সমাজক লজ্জানত কৰা জঘন্য ঘটনা : জন্মদাত্ৰীক ধৰ্ষণ কৰি হত্যা পুত্ৰৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 5, 2024 4:47 pm

এইখন অসমতে সংঘটিত হৈছে এক লজ্জাজনক আৰু চাঞ্চল্যকৰ ঘটনা। শনিবাৰে ডিব্ৰুগড়ত নিজৰ মাতৃক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মাতৃক ধৰ্ষণ কৰা এই পাষাণটো ডিব্ৰুগড়ৰ বাণীপুৰ বাইলেন নং ১১ৰ নিবাসী শংকৰজ্যোতি গগৈ বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, মাতৃক ধৰ্ষণ কৰি টেটু চেপি হত্যা কৰে শংকৰজ্যোতিয়ে।

শুকুৰবাৰে নিশা বাণীপুৰ বাইলেন নং ১১ত থকা তেওঁলোকৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।

ঘটনাৰ খবৰ লাভ কৰিয়েই আৰক্ষীৰ শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।