NORTHEAST NOW (Assamese)

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm · এন ই নাও নিউজ, গুৱাহাটী

আকৌ প্ৰেক্ষাপটত দেশৰ ৰাজধানী দিল্লী। পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছে মাতৃয়ে। অভিযোগৰ ভিত্তিত পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দিল্লীৰ হজ কাজী থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। ৬৫ বছৰীয়া প্ৰাক্তন চৰকাৰী কৰ্মচাৰীগৰাকী স্বামী, পুত্ৰ আৰু সৰু কন্যাৰ সৈতে থাকে। ডাঙৰ ছোৱালীগৰাকী ইতিমধ্যে বিবাহপাশত আবদ্ধ হৈছে। ১৭ জুলাইত মহিলাগৰাকীয স্বামী আৰু কনিষ্ঠ কন্যাৰ সৈতে ছৌদি আৰৱলৈ গৈছিল। তাত থকাৰ সময়তে অভিযুক্ত পুত্ৰই পিতৃক ফোন কৰি মাক পূৰ্বে কোনো পুৰণি সম্পৰ্কত আছে বুলি কৈছিল। আনকি মাকৰ লগত সম্পৰ্ক শেষ কৰিবলৈও দেউতাকক আহ্বান জনায়।

যোৱা ১ আগষ্টত ভাৰতৰ ঘৰলৈ উভতি আহিছিল মহিলাগৰাকী। সেইদিনাই ৩৯ বছৰীয়া পুত্ৰই মাতৃক এটা কোঠাত আবদ্ধ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভয়ত ভুক্তভোগী মহিলাগৰাকী ডাঙৰ কন্যাৰ ঘৰলৈ যায়। ১১ তাৰিখে তেওঁ ঘৰলৈ উভতি আহে। সেইদিনা ৰাতি প্ৰায় ৯:৩০ বজাত পুত্ৰই মহিলাগৰাকীক আন এটা কোঠালৈ লৈ গৈ সুকীয়া কোঠাত কথা পাতিম বুলি দুৱাৰত তলা মাৰি দিলে। পাছত মহিলাগৰাকীক মুকলি কৰি দিয়া হয়। ১৪ তাৰিখে অভিযুক্তই পুনৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। নিৰ্যাতন সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়ে ২৫ বছৰীয়া কন্যাক এই বিষয়ে কয়। তাৰ পাছত স্বাধীনতা দিৱসৰ দিনা ভুক্তভোগীয়ে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।

Related News