NORTHEAST NOW (Assamese)
Popular Stories

সুধাকণ্ঠলৈ ‘ভাৰত ৰত্ন’, পুত্ৰ তেজ হাজৰিকাই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2019 7:51 pm
সুধাকণ্ঠলৈ ‘ভাৰত ৰত্ন’, পুত্ৰ তেজ হাজৰিকাই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে বঁটা

অসমীয়া জাতিগঠন আৰু সমাজ সংগঠনত গীত আৰু সুৰেৰে প্ৰধান ভূমিকা পালন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক আজি মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ বটা প্ৰদান কৰা হয়।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা সুধাকণ্ঠক দিয়া ‘ভাৰত ৰত্ন’ বঁটা গ্ৰহণ কৰে।

ৰাষ্ট্ৰপতি ভৱনত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ বঁটা প্ৰদান কৰা হয়।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিশিষ্ট সমাজ কৰ্মী নানাজী দেশমুখকো আজি ‘ভাৰত ৰত্ন’ বঁটা প্ৰদান কৰা হয়।

আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে প্ৰধান মন্ত্ৰী, উপৰাষ্ট্ৰপতি, গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে দেশৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি।