NORTHEAST NOW (Assamese)
দেশ

ভতুৱা কুকুৰ গৈ পালে উচ্চতম ন্যায়ালয়! ভতুৱা কুকুৰক লৈ তুমুল চৰ্চা শীৰ্ষ আদালতত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2023 1:37 pm
ভতুৱা কুকুৰ গৈ পালে উচ্চতম ন্যায়ালয়! ভতুৱা কুকুৰক লৈ তুমুল চৰ্চা শীৰ্ষ আদালতত

এইবাৰ ভতুৱা কুকুৰৰ বিষয়ে তোলপাৰ লগাইছে উচ্চতম ন্যায়ালয়ত। দেওবাৰে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত ভতুৱা কুকুৰৰ আতংকৰ বিষয়ে চৰ্চা চলে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু চলিচিটৰ জেনেলৰ লগতে উপস্থিত অন্য ন্যায়াধীশ আৰু অধিবক্তা সকলেও ভতুৱা কুকুৰৰ আতংকৰ বিষয়ে আদালতৰ মজিয়াত সদৰী কৰে। আনকৈ তেওঁলোকে নিজেও ভতুৱা কুকুৰৰ আতংকৰ বলি হোৱাৰ কথা স্বীকাৰ কৰে। 

দেওবাৰে এটা শুনানিৰ সময়ত তৰুণ অধিবক্তা কুণাল চেটাৰ্জীয়ে হাতত বেণ্ডেজ বান্ধি আদালতত উপস্থিত হয়। অধিবক্তা চেটৰ্জীৰ এনে অৱস্থা দেখা পাই মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে হাতত কি হ’ল বুলি প্রশ্ন কৰে।

মুখ্য ন্যায়াধীশৰ প্ৰশ্নত অধিবক্তাই দিয়া উত্তৰে আচৰিত কৰি তুলিলে সকলোকে। চেটাৰ্জীয়ে কয় যে পাঁচটা ভতুৱা কুকুৰৰ আক্ৰমণৰ ফলত তেওঁৰ হাতত এই অৱস্থা হৈছে।

ইয়াৰ পিচত ন্যায়াধীশ পি এছ নৰসিংহয়ো কুকুৰৰ আক্ৰমণৰ বলি হোৱাৰ অভিজ্ঞতাৰ কথা মুখ্য ন্যায়াধীশৰ আগত সদৰী কৰে।

ইয়াৰ লগতে আদালতত উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে উত্তৰ প্রদেশত ভতুৱা কুকুৰৰ আক্ৰমণত জলাতংকত ভুগি এটি শিশু মৃত্যুমুখত পৰাৰ ঘটনাও সংঘটিত হৈছে৷ 

ন্যায়ালয়ৰ মজিয়াত এটা গোচৰৰ শুনানিৰ মাজতেই এনেদৰে ইজনৰ পিচত সিজনে ভতুৱা কুকুৰৰ আতংকৰ কথা উল্লেখ কৰিবলৈ ধৰে। 

অৱশেষত কুকুৰৰ আতংকৰ বিষয়টো পৰৱৰ্তী সময়ত ন্যায়ালয়ত আলোচনা কৰা হ’ব বুলি মুখ্য ন্যায়াধীশে আশ্বাস দিয়াৰ পিছত আচল গোচৰটোৰ শুনানিৰ প্ৰক্ৰিয়া আগবাঢ়ে।