NORTHEAST NOW (Assamese)
Popular Stories

‘কা’ৰ বিৰোধিতা; ‘দাবাংগ-৩’ৰ উপাৰ্জনতকৈ নাগৰিকত্ব (সংশোধন) আইনৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ : সোণাক্ষী সিনহা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2019 9:21 am

সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ২০ ডিচেম্বৰত মুক্তি পালে ছলমান খান আৰু সোণাক্ষী সিনহা অভিনীত ছবি দাবাংগ-৩।

ফলত ছবিখনৰ উপাৰ্জনৰ কথা কৈ লৈ চৰ্চা চলি থকাৰ মাজেত বলিউডৰ অভিনেত্ৰী সোণীক্ষা সিনহাই শেহতীকায়ৈ কয় যে, “দাবাংগ-৩ ৰ প্ৰথম দিনটোৰ উপাৰ্জনৰ কথা চৰ্চা কৰাতকৈ নাগিৰকত্ব সংশোধনী আইনৰ বিৰোধিতা সন্দৰ্ভত চৰ্চা কৰাটো এই সময়ত বেছি গুৰুত্বপূৰ্ণ।”

নাগৰিকত্ব (সংশোধন) আইনৰ কথা উল্লেখ কৰি অভিনেত্ৰী গৰাকীয়ে কয় যে, “জনতাই জানে কি এতিয়া কি অধিক গুৰুত্বপূৰ্ণ। কিন্তু ছবিখনক লৈ মানুহৰ যি প্ৰতিক্ৰিয়া তাক লৈ মই যথেষ্ট সুখী। বৰ্তমান সমগ্ৰ দেশে ‘কা’ৰ বিৰুদ্ধে একজোঁট হৈ থিয় দিছে আৰু ছবিখনৰ তুলনাত ই অধিক গুৰুত্বপূৰ্ণ।”

তাৰোপৰি অভিনেত্ৰী সোণাক্ষী সিনহাই কয়, “মই দেশৰ জনতাৰ লগত আছো। মানুহে ৰাজপথলৈ ওলাই আহি বিৰোধিতা কৰিছে, সেই অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি নিব নোৱাৰে। মই তেওঁলোকক লৈ যথেষ্ট গৌৰৱ কৰো, যিসকলে এনেদৰে বাহিৰলৈ ওলাই আহি নিজৰ মতামত প্ৰকাশ কৰিছে। মই তেওঁলোকৰ লগত আছোঁ।”