NORTHEAST NOW (Assamese)
অসম

যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰ আন্দোলন কৰাৰ আহ্বান জুবিন গাৰ্গৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা August 4, 2020 10:04 pm
Zubeen Garg appeals youth for work culture movement

অসমৰ ভিন্ন প্ৰান্তত বৃন্দাবন মাৰ্ট খোলা হ’ব৷ সকলো যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰ আন্দোলনৰ লগত জড়িত হোৱাৰ আহ্বান জনালো৷ কৰ্ম আন্দোলনৰ লগত কা-ৰ বিৰুদ্ধেও আন্দোলন অব্যাহত থাকিব৷ পশুধন নিগমৰ কাৰ্যালয়ত এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ৷

স্বাৱলম্বীতাৰে অসমৰ অৰ্থনীতি সবল কৰাৰ উদ্দ্যেশে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক স্বনিৰ্ভৰশীল কৰিবলৈ চলোৱা “পথাৰো আমাৰ, বজাৰো আমাৰ” শীৰ্ষক কাৰ্য্যসূচীত আজি চামিল হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকী৷

জুবিন গাৰ্গে কয় “কৰ্মই আমাৰ ধৰ্ম৷ মাছ, কণী আদি বাহিৰৰ পৰা আমদানি হোৱাতকৈ অসমতে উৎপাদন কৰি যাতে বজাৰত উপলব্ধ কৰিব পাৰি তাৰ বাবে সকলোকে আগবাঢ়ি লাগে৷ বৃন্দাবন মাৰ্টত খেতিয়কৰ পৰা মধ্যভোগী অবিহনে সামগ্ৰী উপলব্ধ কৰাৰ পৰিকল্পনা। লগতে মডেল ফাৰ্ম খুলিম”৷

ইপিনে নতুন ৰাজনৈতিক দলক সমৰ্থন দিব নে নাই সোধাত তেওঁ ৰাজনীতিৰ পৰা দূৰত বুলি মন্তব্য কৰে শিল্পী গৰাকীয়ে৷

পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় “ভাতৃপ্ৰতীম জুবিন আৰু গৰিমাৰ এনে আন্তৰিক প্ৰচেষ্টাই যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীলতাৰ দিশে আগৱাঢ়ি যোৱাত সহায় কৰিব বুলি আমি আশাবাদী”।

আজি দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ জনপ্ৰিয় শিল্পীগৰাকীয়ে খানাপাৰাৰ আধুনিক কচাইখানা, কুকুৰা পোৱালী উৎপাদন প্ৰকল্প, গাহৰী পাম আৰু সোনাপুৰৰ দানা প্ৰস্তুতকৰণ প্ৰকল্প, দুগ্ধ পাম আদি পৰিদৰ্শন কৰাৰ লগতে আত্মনির্ভৰশীলতাৰ ক্ষেত্ৰত যুৱক যুৱতীক কেনেকৈ জড়িত কৰিব পাৰি তাকে লৈ আলোচনা কৰে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ সৈতে।