NORTHEAST NOW (Assamese)

জাহিৰ ইকবালৰ সৈতে বিয়াৰ পাছত ইছলাম ধৰ্ম গ্ৰহণ নকৰে সোণাক্ষীয়ে; হিন্দু ধৰ্মতেই দীক্ষিত হৈ থাকিব অভিনেত্ৰীগৰাকী

June 22, 2024 7:58 pm · এন ই নাও নিউজ, গুৱাহাটী

সোনাক্ষী সিন্‌হা আৰু জাহীৰ ইকবালৰ বিবাহ ২৩ জুনত সম্পন্ন হ’ব।দৰা জাহীৰ ইকবালৰ পিতৃ ব্যৱসায়ী-জুৱেলাৰ ইকবাল ৰত্নসীয়ে শেহতীয়াকৈ নিশ্চিত কৰিছে যে সোণাক্ষীয়ে ইছলাম ধৰ্ম গ্ৰহণ নকৰে। লগতে তেওঁ উল্লেখ কৰে যে বিশেষ বিবাহ আইনৰ অধীনত দম্পতীহালে বিবাহপাশত আবদ্ধ হ’ব।

জাহীৰ ইকবালৰ পিতৃয়ে ফ্ৰী প্ৰেছ জাৰ্নেলৰ আগত কয় যে ইয়াত হিন্দু বা মুছলমানসকলৰ কোনো ধৰ্মীয় অনুষ্ঠান নাথাকিব।এয়া হ’ব নসাধাৰণ বিবাহ।

পঞ্জীয়নভুক্ত বিবাহৰ পাছত সোণাক্ষী আৰু জাহীৰে মুম্বাইৰ বাষ্টিয়ানত এক বিবাহ অভ্যৰ্থনা আয়োজন কৰিব। সোনাক্ষীৰ পিতৃ-মাতৃ শত্ৰুঘ্ন সিনহা আৰু পুনম সিনহায়ো এই উদ্‌যাপনত অংশগ্ৰহণ কৰিব। শেহতীয়াকৈ শত্ৰুঘনে উল্লেখ কৰিছিল যে সোণাক্ষীৰ বিয়াক কেন্দ্ৰ কৰি বিয়াৰ পূৰ্বে কিছু মানসিক চাপ আছিল যদিও এতিয়া সকলো সমাধান হৈছে।

Related News