NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

সোণাক্ষী-জাহিৰৰ বিবাহ! মাতৃ আৰু ভাতৃয়ে ইনষ্টাগ্ৰামত আনফল’ কৰিলে অভিনেত্ৰীগৰাকীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2024 3:25 pm

আৰু মাত্ৰ তিনিদিন বাকী৷বলীউড অভিনেত্ৰী সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল ২৩ জুনত বিয়াত বহিব৷

বিয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ইকবাল আৰু তেওঁৰ পৰিয়ালৰ সৈতে সময় কটোৱা দেখা গৈছিল। ছবিখন শ্বেয়াৰ কৰিছে সিনহাৰ সম্পৰ্কীয় ভগ্নী ছনম ৰতনীয়ে,পেছাত এগৰাকী চেলিব্ৰিটি ষ্টাইলিষ্ট ছনম ৰতনীয়ে ইনষ্টাগ্ৰাম ষ্টৰীত ফটোসমূহ পোষ্ট কৰিছে।

কিন্তু এজন ব্যৱহাৰকাৰীয়ে পৰ্যবেক্ষণ কৰে যে অভিনেত্ৰীগৰাকীৰ মাতৃ পুনম সিনহা আৰু ভাতৃ লৱ সিনহাই ইনষ্টাগ্ৰামত সোণাক্ষী সিনহাক আনফল’ কৰিছে।

বহুতে উল্লেখ কৰিছে যে, জাহিৰ ইকবালৰ সৈতে সোণাক্ষী সিনহা বিয়াত বহাক লৈ সুখী নহয় সিনহা পৰিয়াল৷সেয়েহে সোণাক্ষীৰ বিৰুদ্ধে ৰুষ্ট হৈ মাতৃ আৰু ভাতৃয়ে আনফল’ কৰিছে৷