NORTHEAST NOW (Assamese)

“এআই-ৰ যুগত ভুল অনুবাদ গ্ৰহণযোগ্য নহয়”: সোণম ৱাংচুকৰ গোচৰত কেন্দ্ৰক সকীয়নী উচ্চতম ন্যায়ালয়ৰ

February 17, 2026 8:50 am · এন ই নাও নিউজ, গুৱাহাটী

জলবায়ু কৰ্মী সোণম ৱাংচুকৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা ভিডিঅৰ ট্ৰেন্সক্ৰিপ্ট বা লিখিত পাঠৰ সত্যতাক লৈ সোমবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এই যুগত অনুবাদসমূহ নিখুঁত হোৱা উচিত বুলি মন্তব্য কৰি ন্যায়ালয়ে চৰকাৰক ৱাংচুকৰ ভাষণৰ প্ৰকৃত প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ পি বি বৰালেৰ বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক উদ্দেশ্যি কয় যে সোণম ৱাংচুকে আগবঢ়োৱা বক্তব্য আৰু চৰকাৰে দাখিল কৰা অনুবাদৰ মাজত আকাশ-পাতাল পাৰ্থক্য দেখা গৈছে। জ্যেষ্ঠ অধিবক্তা কপিল চিবালে আদালতত যুক্তি দৰ্শায় যে কৰ্মীজনৰ নামত এনে কিছুমান শব্দ আৰোপ কৰা হৈছে, যিবোৰ তেওঁ কেতিয়াও কোৱাই নাছিল।

বিচাৰপীঠে কয় যে, “আমাক ভাষণৰ প্ৰকৃত প্ৰতিলিপি লাগে। আপোনালোকে দাখিল কৰা অনুবাদ ৭-৮ মিনিটৰ, কিন্তু ভাষণটো আছিল মাত্ৰ ৩ মিনিটৰ। বৰ্তমানৰ এআই যুগত অনুবাদৰ নিখুঁততা কমেও ৯৮ শতাংশ হয়। গতিকে তেওঁ যি কৈছে, তাৰ সঠিক অনুবাদহে থাকিব লাগে।”

কপিল চিবালে চৰকাৰী অনুবাদৰ বিসংগতি আঙুলিয়াই দি কয় যে ৱাংচুকে নেপালৰ প্ৰসংগ টানি আনি যুৱপ্ৰজন্মক উচটনি দিয়া বুলি যি দাবী কৰা হৈছে, তাৰ কোনো ভিত্তি নাই। তেওঁ অভিযোগ কৰে যে অস্তিত্বহীন তথ্যৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিক আটক কৰি ৰখাটো অতিশয় দুৰ্ভাগ্যজনক। আনহাতে, চৰকাৰী পক্ষই কয় যে অনুবাদৰ কামটো এটা নিৰ্দিষ্ট বিভাগে কৰে আৰু তেওঁলোক এই ক্ষেত্ৰত বিশেষজ্ঞ নহয়।

কেন্দ্ৰীয় চৰকাৰে আদালতক জনায় যে আটক কৰি ৰখাৰ পাছত ৱাংচুকক ২৪ বাৰকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দিয়ে যে যিটো ভিত্তিৰ ওপৰত ৱাংচুকক আটক কৰা হৈছে, সেই পৰিস্থিতি এতিয়াও সলনি হোৱা নাই। গতিকে স্বাস্থ্যৰ দোহাই দি তেওঁক মুক্তি দিয়াটো সম্ভৱ নহয়।

ইফালে সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আঙমোৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA), ১৯৮০-ৰ অধীনত কৰা এই আটকক অবৈধ বুলি ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত এক হেবিয়াছ কৰ্পাছআবেদন দাখিল কৰিছিল। যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰত লেহ্-ত হোৱা হিংসাত্মক ঘটনাৰ সৈতে ৱাংচুকৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৱাংচুকে নিজেই সেই হিংসাক গৰিহণা দিছিল।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত চৰকাৰে কোনো ব্যক্তিক দেশৰ প্ৰতিৰক্ষাৰ বাবে ক্ষতিকৰ বুলি গণ্য কৰিলে সৰ্বাধিক ১২ মাহলৈ আটক কৰি ৰাখিব পাৰে। আদালতে বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।ইফালে সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আঙমোৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA), ১৯৮০-ৰ অধীনত কৰা এই আটকক অবৈধ বুলি ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত এক হেবিয়াছ কৰ্পাছআবেদন দাখিল কৰিছিল। যোৱা বছৰৰ ২৪ ছেপ্টেম্বৰত লেহ্-ত হোৱা হিংসাত্মক ঘটনাৰ সৈতে ৱাংচুকৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৱাংচুকে নিজেই সেই হিংসাক গৰিহণা দিছিল।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত চৰকাৰে কোনো ব্যক্তিক দেশৰ প্ৰতিৰক্ষাৰ বাবে ক্ষতিকৰ বুলি গণ্য কৰিলে সৰ্বাধিক ১২ মাহলৈ আটক কৰি ৰাখিব পাৰে। আদালতে বৃহস্পতিবাৰেএই গুৰুত্বপূৰ্ণ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।

Related News