NORTHEAST NOW (Assamese)

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm · এন ই নাও নিউজ. গুৱাহাটী

দিল্লী উচ্চ ন্যায়ালয়ে দেওবাৰে জলবায়ু কৰ্মী সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে দাখিল কৰা এক আৱেদন খাৰিজ কৰি কৰ্মীগৰাকীক চাফদৰজং হাস্পতালৰ পৰা তেওঁলোকৰ পচন্দৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। ২১ দিন ধৰি অনশনত থকা ৱাংচুকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত যোৱা ১৮ জুলাইত চৰকাৰে তেওঁক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি গ্ৰহণ কৰি কয় যে এই স্থানান্তৰণ কোনো স্বেচ্ছাচাৰী কাৰ্য নহয়, বৰঞ্চ এক জৰুৰী চিকিৎসা সংক্ৰান্তীয় সিদ্ধান্ত আছিল।

 

এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিনি পুষ্কৰণাই উল্লেখ কৰে যে সোণম ৱাংচুকক অনশনস্থলীৰ পৰা চাফদৰজং হাস্পতাললৈ লৈ যোৱাৰ সিদ্ধান্ত তেওঁৰ সংকটজনক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিহে লোৱা হৈছিল। আৱেদনকাৰীৰ হৈ আদালতত জ্যেষ্ঠ অধিবক্তা কপিল চিবালে যুক্তি দৰ্শায় যে ৱাংচুক কোনো অপৰাধৰ অভিযুক্ত নহয় বা তেওঁক আৱদ্ধ কৰি ৰখা হোৱা নাই, গতিকে নিজৰ পচন্দৰ চিকিৎসক আৰু চিকিৎসালয়ত চিকিৎসা লাভ কৰাটো তেওঁৰ অধিকাৰ। পৰিয়ালে তেওঁক মেদান্তা হাস্পতাললৈ লৈ যাব বিচাৰিছিল আৰু অভিযোগ কৰিছিল যে ৱাংচুকৰ ব্যক্তিগত চিকিৎসকসকলক তেওঁৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাই।

 

কেন্দ্ৰীয় চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল চেতন শৰ্মাই ন্যায়ালয়ক অৱগত কৰে যে ১৮ দিন ধৰি অনশন কৰাৰ পিছত ৱাংচুকৰ অৱস্থা অত্যন্ত বিপদসংকুল হৈ পৰিছিল। তেওঁৰ শৰীৰত পটাছিয়ামৰ মাত্ৰা ২.৮লৈ হ্ৰাস পাইছিল, যাৰ বাবে জৰুৰী চিকিৎসা নিৰীক্ষণৰ প্ৰয়োজন আছিল। উচ্চ ন্যায়ালয়ৰ যোৱা ১৬ জুলাইৰ নিৰ্দেশ মৰ্মেই এই পদক্ষেপ লোৱা হৈছে। আদালতত উপস্থিত থকা এইমছৰ জৰুৰীকালীন চিকিৎসা বিভাগৰ অতিৰিক্ত অধ্যাপক ডাঃ অক্ষয়ে জনায় যে ৱাংচুকে নিজৰ সন্মতিৰে মুখৰ জৰিয়তে পনীয়া খাদ্য, পটাছিয়াম ক্ল’ৰাইড আৰু অ’আৰএছ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে, যদিও তেওঁ সন্মতি নিদিয়াৰ বাবে চেলাইন বা আইভি ফ্লুইড প্ৰদান কৰা হোৱা নাই।

 

অন্যহাতে, ৱাংচুকৰ পত্নীয়ে আদালতক সম্বোধন কৰি অভিযোগ কৰে যে শৰীৰত পটাছিয়ামৰ মাত্ৰা হ্ৰাস পোৱাৰ তথ্য পৰিয়ালক পলমকৈ জনোৱা হৈছিল। তেওঁলোকে মেদান্তা হাস্পতালৰ এম্বুলেন্স সাজু ৰাখিছিল যদিও স্থানান্তৰৰ অনুমতি লাভ নকৰিলে। অৱশ্যে অতিৰিক্ত ছলিচিটৰ জেনেৰেলে স্পষ্ট কৰে যে চাফদৰজং হাস্পতালত ৱাংচুকক এটা সুকীয়া কোঠাৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু তেওঁৰ পত্নী, ভাতৃ তথা ভিনদেউৱেকক কোনো বাধা নোহোৱাকৈ তেওঁক লগ কৰাৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰা হৈছে।

 

সকলো পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পিছত আদালতে ৰায় দিয়ে যে যিহেতু চাফদৰজং হাস্পতালৰ চিকিৎসকৰ দলে কৰ্মীগৰাকীৰ স্বাস্থ্যৰ ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছে, সেয়েহে তেওঁৰ ওপৰত কোনো জোৰ-জুলুম কৰা হোৱা নাই বা শাৰীৰিক স্বতন্ত্ৰতা খৰ্ব কৰা হোৱা নাই। ৱাংচুকে স্বাস্থ্যৰ অৱনতি ঘটা স্বত্বেও নিজে চিকিৎসালয়ত ভৰ্তি হ’বলৈ অস্বীকাৰ কৰাৰ বাবে কৰ্তৃপক্ষই তেওঁক স্থানান্তৰ কৰাটো যুক্তি সংগত আছিল।

Related News