NORTHEAST NOW (Assamese)
Popular Stories

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

Posted by: এন ই নাও নিউজ. গুৱাহাটী Updated by: এন ই নাও নিউজ. গুৱাহাটী July 18, 2026 9:06 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীৰে আমৰণ অনশনত বহা বিশিষ্ট শিক্ষাবিদ তথা পৰিৱেশ কৰ্মী সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকন কৰাৰ অপৰাধত গুৱাহাটীত দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰ দুজনক নিশা বশিষ্ঠ উৰণীয়া সেতুৰ এটা খুঁটাত ছবি আঁকি থকা অৱস্থাত দিছপুৰ আৰক্ষীয়ে আটক কৰে। এই কাৰ্যক ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া (এছ এফ আই) আৰু ডেমক্ৰেটিক ইউথ ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডি ৱাই এফ আই) অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু ছাত্ৰ দুজনক বিনাচৰ্তে মুক্তি দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দেশৰ মহান উদ্ভাৱকগৰাকীয়ে চলাই যোৱা সংগ্ৰামৰ প্ৰতি সন্মান জনাই ছাত্ৰ দুগৰাকীয়ে এই শৈল্পিক প্ৰয়াস কৰিছিল বুলি সংগঠন দুটাই উল্লেখ কৰে। চহৰৰ সৌন্দৰ্যবৰ্ধনৰ দোহাই দি আৰু চৰকাৰী অনুমতি নথকাৰ অজুহাতত আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপক সংগঠন দুটাই চৰকাৰৰ স্বৈৰাচাৰী চৰিত্ৰৰ পৰিচায়ক বুলি অভিহিত কৰিছে। শিল্পী আৰু শিল্পৰ প্ৰতি চৰকাৰৰ এনে সংকীৰ্ণ মানসিকতাই গণতান্ত্ৰিক প্ৰমূল্যবোধক ভৰিৰে মোহাৰি পেলোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে আৰু আটক কৰা শিল্পী দুজনক অনতিপলমে মুকলি কৰি দিবলৈ চৰকাৰৰ ওচৰত স্পষ্ট দাবী জনায়।

এখন গণতান্ত্ৰিক দেশত দেৱালত ছবি অঁকা, পোষ্টাৰ লগোৱা বা শ্ল’গান লিখাটো কেতিয়াও অপৰাধ হ’ব নোৱাৰে বুলি দাবী কৰি সংগঠন দুটাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক মহানগৰীৰ বিভিন্ন স্থানত ‘গণতন্ত্ৰৰ দেৱাল’ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে। এই নিৰ্দিষ্ট দেৱালসমূহত প্ৰতিগৰাকী নাগৰিকে নিজৰ চিন্তা শৈল্পিক ৰূপত প্ৰকাশ কৰাৰ লগতে বিভিন্ন দাবী সম্বলিত পোষ্টাৰ আৰু শ্ল’গান লিখাৰ অধিকাৰ লাভ কৰিব। এনে পদক্ষেপে চৰকাৰখনৰ বহল মনৰ পৰিচয় দিব বুলিও তেওঁলোকে মত প্ৰকাশ কৰে। আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত গ্ৰাফিটি আৰু দেৱাল অংকন সমগ্ৰ বিশ্বতে এক সমাদৃত বিষয় আৰু গুৱাহাটীয়েও এই ঐতিহ্য বহন কৰি আহিছে বুলি সংগঠন দুটাই সোঁৱৰাই দিয়ে।

মুক্ত সৃষ্টিশীল প্ৰকাশভংগীক অপৰাধ হিচাপে গণ্য নকৰি ইয়াক গণতন্ত্ৰৰ এক শক্তিশালী স্তম্ভ হিচাপে স্বীকৃতি দিবলৈ এছ এফ আইৰ ৰাজ্যিক সম্পাদক ৰাজদ্বীপ মহন্ত আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে চৰকাৰক আহ্বান জনায়। দেৱাল অংকন সম্পূৰ্ণৰূপে বন্ধ কৰিব বিচৰা চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি তেওঁলোকে স্পষ্ট কৰি দিয়ে যে ছাত্ৰ আৰু যুৱ সমাজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা এনে কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।