NORTHEAST NOW (Assamese)

‘চাৰি বছৰ ধৰি চলি আছে হাৰাশাস্তি, সকলো পৰিকল্পিত’, কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ সোণমৰ পত্নী গীতাঞ্জলিৰ

September 29, 2025 10:25 am · এন ই নাও নিউজ, গুৱাহাটী

লাডাখত প্ৰতিবাদৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোণম ৱাংচুকক। তেওঁৰ বিৰুদ্ধে পাকিস্তান আৰু বাংলাদেশৰ সৈতে যোগাযোগ থকাৰ বিস্ফোৰক অভিযোগো উত্থাপন হৈছে। এই পৰিস্থিতিত তেওঁৰ পত্নীয়ে মুকলিকৈ ক’লে সকলো কথা। যোৱা কেইবছৰমানৰ পৰা স্বামীক হাৰাশাস্তি কৰা বুলিও জনালে। এই ক্ষেত্ৰত কেন্দ্ৰক লক্ষ্য কৰিয়েই তেওঁৰ অভিযোগ।

সোণমৰ পত্নী তথা সমাজকৰ্মী গীতাঞ্জলি জে আংমোৱে তেওঁৰ স্বামীৰ বিৰুদ্ধে কেন্দ্ৰই উত্থাপন কৰা সকলো অভিযোগ নস্যাৎ কৰিছে। আংমোৱে অভিযোগ কৰে যে তেওঁৰ স্বামীক পৰিকল্পিতভাৱে চৰকাৰে হাৰাশাস্তি কৰিছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত আংমোৱে কয় যে লাডাখৰ বাবে সজোৰে দাবী উত্থাপন কৰাৰ পিছত চৰকাৰী সংস্থাসমূহৰ হেঁচা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। তেওঁ কয়, “চোৰাংচোৱা বিষয়াসকলে চাৰি বছৰ পূৰ্বে আমাক ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। আমি বিদেশী অনুদান লাভ কৰাৰ অনুজ্ঞাপত্ৰ পোৱা নাছিলো। আমাৰ সংস্থা হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ, লাডাখ (এইচ আই এ এল) আৰু ছেকমেলক লক্ষ্য কৰি লোৱা হয়।”

যোৱা সপ্তাহত গৃহ মন্ত্ৰালয়ে ৱাংচুকে প্ৰতিষ্ঠা কৰা SECMAL ৰ FCRA অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। অভিযোগ অনুসৰি ‘ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব’ৰ ওপৰত গৱেষণাৰ বাবে বিদেশী ধন ব্যৱহাৰ কৰা হৈছিল। কিন্তু আংমোৱে দাবী কৰে যে, “এইটো খাদ্য স্বনিৰ্ভৰতা বা খাদ্য সাৰ্বভৌমত্বৰ ওপৰত কৰা গৱেষণা আছিল। ইছ্যুটো ইচ্ছাকৃতভাৱে বিকৃত কৰা হৈছে।”

ইপিনে, লাডাখৰ আৰক্ষী সঞ্চালক প্ৰধান এছ ডি সিং জামৱালে অভিযোগ কৰে যে ৱাংচুকে পাকিস্তানত ডন-ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু পাকিস্তানী মূলৰ এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিছিল। এই সন্দৰ্ভত আংমোৱে প্ৰত্যুত্তৰ দি কয়, “যদি সঁচাকৈয়ে ইয়াত কোনো পাকিস্তানী চোৰাংচোৱা বিষয়া ঘূৰি ফুৰিছে, তেন্তে সেয়া গৃহ মন্ত্ৰালয়ৰ ব্যৰ্থতা। ইয়াৰ বিপৰীতে তেওঁলোকক জবাবদিহি কৰা উচিত।”

তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ উদ্যোগত ‘ব্ৰেথ পাকিস্তান’ শীৰ্ষক পৰিৱেশ সন্মিলনত ৱাংচুকে অংশগ্ৰহণ কৰিছিল। ”জলবায়ু পৰিৱৰ্তন আৰু হিমবাহ সংকটৰ ওপৰত আলোচনা হৈছিল। তাত সোণমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱেশ সম্পৰ্কীয় পদক্ষেপকো প্ৰশংসা কৰে।”

আংমোৰ দাবী যে ৱাংচুকে হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ লগে লগে নিজৰ অনশন ভংগ কৰি শান্তিৰ বাবে আবেদন জনায়। যদি তেওঁ উচটনি দিব বিচাৰিলেহেঁতেন তেন্তে তেওঁ আৰু আগবাঢ়ি গ’লহেঁতেন। কিন্তু তেওঁ নকৰিলে। নিহতসকলৰ পৰিয়ালৰ লোকেও ৱাংচুক দায়ী নহয় বুলি জানিবলৈ দিছে। তেওঁ শান্তিপূৰ্ণ প্ৰতিবাদত আছিল, আন এখন পাৰ্কত অনশন কৰি বহি আছিল।

আংমোৱে অভিযোগ কৰে যে প্ৰথম অনশনৰ পিছৰে পৰা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে এফচিআৰএক ‘চাপ সৃষ্টিৰ আহিলা’ ​​হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ”আই বি প্ৰতিদিনে আমাৰ ঘৰলৈ আহিছিল। তেওঁলোকে কয় আমি প্ৰতিবাদ কৰিলে বিদেশী চান্দাৰ অনুজ্ঞাপত্ৰ বাতিল হ’ব। সোণমে সেই সময়ত কৈছিল, বিদেশী ধন নাহিলেও চলিব। আমি নিৰ্ভৰশীল নহয়।”

গীতাঞ্জলি আংমোৱে স্পষ্টকৈ কয়, ”মোৰ স্বামীয়ে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আহিছে। তেওঁৰ বিৰুদ্ধে পাকিস্তান-সংযোগ বা হিংসাৰ উচটনি দিয়াৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। এইটো ৰাজনৈতিক প্ৰতিশোধৰ বাহিৰে আন একো নহয়।”

কিন্তু ইয়াৰ পূৰ্বে কেন্দ্ৰই দাবী কৰিছিল যে আৰব বসন্ত আৰু নেপালৰ ‘জেন জি’ আন্দোলনৰ বিষয়টো উত্থাপন কৰি ৱাংচুকে উত্তেজনা বিয়পাইছে। তেওঁলোকৰ মতে চলি থকা কেন্দ্র-লাডাখৰ আলোচনাত যিসকল সুখী নহয়, তেওঁলোকেই এই হিংসাত্মক পৰিস্থিতিৰ উচটনি দিছে৷

Related News