NORTHEAST NOW (Assamese)

নাও ডুবিলেও টিঙৰ পৰা নানামে ছোনিয়াই, হৈয়েই থাকিব কংগ্ৰেছৰ সভানেত্ৰী

March 14, 2022 7:02 am · এন ই নাও নিউজ,গুৱাহাটী

নাও ডুবিলেও টিঙৰ পৰা নামবিলৈ বিচৰা নাই কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে।

কালি পাঁচ ৰাজ্যৰ নিৰ্বাচনী ব্যৰ্থতাৰ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত আয়োজন কৰা কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত কংগ্ৰেছৰ ব্যৰ্থতাৰ কাৰণ উদ্ঘাটনতকৈ ছোনিয়া গান্ধীকেই সভানেত্ৰীৰ পদত বাহাল ৰখাৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে।

দলটোৰ কাৰ্যকৰী সমিতিৰ বৈঠকৰ পিছত কংগ্ৰেছ দলৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে ছোনিয়া গান্ধীয়েই সভানেত্ৰী হিচাবে দলটোৰ নেতৃত্বত থাকিব।

“কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়েই আমাক নেতৃত্ব দিব আৰু ভৱিষ্যতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি যাব। আমি সকলোৱে তেওঁৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছো’ —কাৰ্যকৰী সমিতিৰ বৈঠকৰ পিছত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে সাংবাদিকৰ আগত এনেদৰে কয়।

গোৱা কংগ্ৰেছৰ শীৰ্ষ পদাধিকাৰ দিনেশ গুণ্ডু ৰাৱেও ছোনিয়া গান্ধীয়েই কংগ্ৰেছৰ সভানেত্ৰীৰ পদত বাহাল থাকিব বুলি স্পষ্ট কৰি দিয়ে।

ইফালে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে গান্ধী পৰিয়ালৰ ওপৰত বিশ্বাস ব্যক্ত কৰি ৰাহুল গান্ধী কংগ্ৰেছ দলৰ সভাপতি হোৱা উচিত বুলি মন্তব্য কৰে।

উল্লেখ্য কংগ্ৰেছৰ বিসম্বাদী জি-২৩ গোটৰ নেতাসকলে দলটোৰ সভাপতি হিচাবে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ নাম প্ৰস্তাৱ কৰিছিল। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছৰ সভাপতি পদৰ বাবে জি-২৩ নেতাসকলে প্ৰবীণ কংগ্ৰেছ নেতা মুকুল ৱাছনিৰ নাম প্ৰস্তাৱ কৰিছিল।

গুলাম নবী আজাদ আৰু আনন্দ শৰ্মাই মুকুল ৱাচনিকক দলৰ সভাপতি পতাৰ পৰামৰ্শ আগবঢ়াইছিল যদিও বিসম্বাদীৰ দাবী বা পৰামৰ্শৰ প্ৰতি গান্ধী পৰিয়ালৰ অনুগত নেতাসকলে কোনো গুৰুত্বই প্ৰদান কৰা দেখা নগ’ল।

Related News