NORTHEAST NOW (Assamese)
অসম

টীয়ক জ্যোতি বিদ্যাপীঠৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক March 14, 2022 7:18 am

টীয়কৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় জ্যোতি বিদ্যাপীঠে ৩৬ টা বছৰ সম্পূৰ্ণ কৰিলে।

১৯৮৭ চনৰ ১৩ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয় খনে বিগত সময়ত বহু ঘাত- প্ৰতিঘাতৰ মাজেদি শিক্ষাৰ ক্ষেত্ৰখনত বৃহত্তৰ টীয়ক অঞ্চলত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে।

প্ৰতিষ্ঠা দিৱসৰ শুভ দিনটোত বিদ্যালয়ৰ কৰ্তৃপক্ষই পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,গছপুলি ৰোপনকে ধৰি বিভিন্ন কাৰ্যসূচী সমাপন কৰাৰ পাছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধ্যক্ষ প্ৰশান্ত কুমাৰ দাসৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়।উক্ত সভাত যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীসকলৰ কৰ্তব্যৰ বিষয়ে মন্তব্য আগবঢ়ায়।

উক্ত সভাতে বিদ্যালয়ৰ মুখপত্ৰ ‘জ্যোতিষ্মান’ আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখি প্ৰস্তুত কৰা ‘প্ৰজ্ঞা’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

সভাত টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদক দিগন্ত হাজৰিকাৰ লগতে টীয়ক অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী,বৰ্তমানৰ তথা প্ৰাক্তন ছাত্ৰ- ছাত্ৰী, অভিভাৱক আদি উপস্থিত থাকে।