NORTHEAST NOW (Assamese)

কংগ্ৰেছ মুৰব্বীৰ পদ এৰিব ছোনিয়া গান্ধীয়ে

August 23, 2020 11:09 pm · এন ই নাও নিউজ

ছোনিয়া গান্ধীয়ে কংগ্ৰেছ মুৰব্বীৰ পদ এৰিব, বাতৰিত প্ৰকাশ।

বাতৰি মতে, কংগ্ৰেছৰ সম্পূৰ্ণ নেতৃত্বৰ পুনৰীক্ষণ বিচাৰি  দলৰ কমেও ২৩গৰাকী নেতাই গান্ধীক দিয়া পত্ৰৰ পিছতে তেওঁ এই সিদ্ধান্ত লৈছে।

গান্ধীয়ে দলৰ নতুন মুৰব্বীৰ সন্ধানৰ বাবে এক বৈঠকত মিলিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে যিহেতু তেওঁ আৰু এই দায়িত্ব গ্ৰহণ কৰি থাকিব খোজা নাই।

বাতৰি মতে পত্ৰখনত দলৰ প্ৰত্যেক স্তৰত নেতা বাচনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি বহুবিলাক সংস্কাৰ বিচৰা হৈছে।

গুলাম নবী আজাদ আৰু কপিল চিবালকে ধৰি বহু দলীয় নেতাই পত্ৰখন লিখা বুলি বাতৰিত প্ৰকাশ।

অৱশ্যে কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদীপ সূৰ্য্যেৱালাই এই বাতৰি অস্বীকাৰ কৰিছে।

“শ্ৰীমতী গান্ধীয়ে নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত এনে কোনো মন্তব্য বা সাক্ষাৎকাৰ কাকো দিয়া নাই,” সূৰ্য্যেৱালাই দেওবাৰে সংবাদ মাধ্যমক জনায়।

Related News