NORTHEAST NOW (Assamese)

কেন্দ্ৰৰ কৃষক বিৰোধী আইনক বাধা দিবলৈ কংগ্ৰেছ শাসিত ৰাজ্যসমূহক আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ ছোনিয়া গান্ধীৰ

September 29, 2020 8:47 am · এন ই নাও নিউজ

বিৰোধীৰ আপত্তিক নস্যাৎ কৰি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সদনত কৃষি বিধেয়ক গৃহীত কৰালে আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছত ই আইনত পৰিণত হ’ল।

কিন্তু এই আইনক ৰাজ্যসমূহত কিদৰে বাধা দিব পৰা যায় তাৰ বাবে কংগ্ৰেছ দলে উপায় বিচাৰি বিকল্পৰ সন্ধান কৰিছে।

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে এইবাৰ কংগ্ৰেছ শাসিত ৰাজ্যসমূহক এই কৃষি আইনক বাধা দিয়াৰ বাবে নিজৰ আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিছে।

সংবিধানৰ ২৫৪(২)ৰ অধীনত আইন প্ৰণয়ন কৰাৰ সম্ভাৱনাৰ বিষয়ে ৰাজ্যসমূহে বিচাৰ-বিবেচনা কৰিছে।

কে চি বেনুগোপালে কয় যে এই সম্বন্ধীয় আইনৰ বিষয়টো সংশ্লিষ্ট ৰাজ্যসমূহক পৰ্যালোচনা কৰি চাবলৈ ছোনীয়া গান্ধীয়ে নিৰ্দেশ দিছে। ৰাজ্যসমূহৰ অধিকাৰত কেন্দ্ৰই হস্তক্ষেপ কৰিছে আৰু তাক বাধা দিবলৈকে আইনৰ প্ৰয়োজন।

ন্যুনতম সমৰ্থিত মূল্য উঠাই দিয়া আৰু বজাৰ ব্যৱস্থাৰ পৰিৱৰ্তনে যাতে কংগ্ৰেছ শাসিত ৰাজ্যসমূহক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ বাবেই ছোনিয়া গান্ধীয়ে এই পৰামৰ্শ দিছে।

সংবিধানত যিসমূহ বিষয় যৌথ তালিকাত (কনকাৰেন্ট) আছে সেইবোৰৰ বাবে কেন্দ্ৰৰ আইন নামানি ৰাজ্যসমূহে নিজাকৈ আইন প্ৰণয়ন কৰিব পাৰে।

আটাইতকৈ সংগঠিত বজাৰ ব্যৱস্থা থকা পঞ্জাৱ আৰু হাৰিয়ানাত কৃষি আইনক লৈ অধিক প্ৰতিবাদ হৈছে।

পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থা হোৱাৰ কথাও ঘোষণা কৰিছে। তাৰ মাজতে এইবাৰ বিৰোধীৰ শাসনত থকা ৰাজ্যসমূহে বিকল্প পথৰো সন্ধান কৰিছে।

Related News