NORTHEAST NOW (Assamese)

‘চুনু আংকল মোৰ মামাক আইতাৰ ঘৰলৈ পঠাব পাৰিবা নে?’ অভিনেতা চুনু চুডলৈ এটি শিশুৰ আহ্বান

May 31, 2020 5:06 pm · এন ই নাও নিউজ
Updated: May 31, 2020 6:48 pm

বলিউডৰ অভিনেতা চুনু চুডে সন্মুখৰ পৰা নেতৃত্ব দি  ল’কডাউনৰ মাজতে হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক নিজ গৃহলৈ বাছেৰে প্ৰেৰণ কৰি আহিছে।

সকলোবোৰ বাছৰ পৰিবহণ ভাড়া নিজে ব্যয় কৰিছে।

অভিনেতা চুনু চুডৰ এই মানৱীয়তাক দেশৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত বিশেষ ভাৱে চৰ্চা হোৱাৰ লগতে প্ৰশংসাও কৰা দেখা গৈছে।

অৱশ্যে এইবাৰ এই মানৱ দৰদী অভিনেতাজন অন্য এটা বিশেষ কাৰণত এইবাৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত চৰ্চালৈ আহিছে।

চেতন দেশাই নামৰ এজন লোকে সামাজিক মাধ্যমৰ টুইটাৰ যোগে  ভিডিঅ’টো টুইট কৰি ভাইৰেল কৰিছে।

অভিনেতা চুনু চুডে নিজৰ টুইটাৰ একাউন্টত উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত অকণি শিশুটিয়ে অভিনেতা চুনু চুডক উদ্দেশ্যি কৈছে, ‘চুনু আংকল…মই শুনিছো তুমি বহুলোকক ঘৰলৈ পঠিয়াই আছা। পাপাই সুধিছে, তুমি মামাক আইতাৰ ঘৰলৈ পঠিয়াব পাৰিবা নেকি?’

লেকজনে ভিডিঅ’টোৰ কেপচনত লিখিছে, ‘বহুত বহুত জৰুৰী দাবী চুনু চুড, দয়া কৰি মন কৰিব আৰু অনুগ্ৰহ কৰি পূৰণ কৰিব!!!’

ইয়াৰ উত্তৰত উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি মানৱদৰদী অভিনেতাজনে উত্তৰ দি কৈছে, ‘এইটো এতিয়া বৰ প্ৰত্যাহ্বানমূলক। মই সাধ্যমতে চেষ্টা কৰিম।’

উল্লেখ্যে যে, ইতিমধ্যে ৰীল লাইফৰ খলনায়ক অভিনেতা চুনুৱে প্ৰৱাসী শ্ৰমিকসকলক নিজ গৃহলৈ প্ৰেৰণ কৰি দেশত এজন নায়কৰূপে পৰিচিতি লাভ কৰিছে।

Related News