NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰীৰ দুখন নতুন ঠাইক কন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 31, 2020 4:24 pm

ক’ৰনা ভাইৰাছৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি আজি গুৱাহাটী মহানগৰীৰ দুখন নতুন ঠাইক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

নতুন কৈ কন্টেইমেন্ট জ’ন ঘোষণা কৰা অঞ্চল দুটা হ’ল বৰবাৰী আৰু জাপৰীগোগৰ আজানপীৰ পথ।

জিলা প্ৰশাসনে জাপৰীগোগ কণ্টেইনমেণ্ট জ’নৰ সীমা নিৰ্ধাৰণ কৰিছে- পূবে মহম্মদ ছাদুল্লাৰ বাসগৃহ আৰু পশ্চিমে বিতোপন বড়োৰ বাসগৃহ, উত্তৰে নুৰুল ইছলামৰ বাসগৃহ আৰু দক্ষিণে আজানপীৰ পথ।

ইপিনে বৰবাৰী কণ্টেইনমেণ্ট জ’নটোৰ সীমা হৈছে উত্তৰে বিষ্ণু নগৰ পথ, দক্ষিণে বেনু সিনহাৰ বাসগৃহ। পূবে চিতাংশু সিনহাৰ বাসগৃহ আৰু পশ্চিমে লক্ষ্যনাথ পাতিৰৰ বাসগৃহ।

এই দুয়োটা অঞ্চলৰ পৰা ক’ৰ’না আক্ৰান্ত লোক ধৰা পৰিছিল। সেয়ে মহানগৰ জিলা প্ৰসাশনে এই সিদ্ধন্ত লয়। অঞ্চলটোত বসবাস কৰা অন্য লোক সকলৰ সুৰক্ষাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি দিনৰ ১২ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা দিয়ে।

পৰৱৰ্তী ১৪টা দিনৰ বাবে এই অঞ্চলটোৰ পৰা কোনেও বাহিৰ ওলাই যাব নোৱাৰিব আৰু অন্য লোক সেই অঞ্চল দুটাত প্ৰৱেশ কৰিব নোৱাৰিব।