NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ জালত নকল নোটৰ বেহাৰ সৈতে জড়িত দুজন প্ৰৱঞ্চক; জব্দ মেচিনসহ নকল নোট

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা February 16, 2020 7:22 am
IMG-20200215-WA0005

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চনপুৰৰ পৰা নকল টকা প্ৰস্তুত কৰি ক’লা টকাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা এটা বৃহৎ চক্ৰৰ দুজন লোকক শনিবাৰে বিয়লি ভাগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ৰূপহীহাট, উলুৱনি, কলিয়াবৰ আৰু লাওখোৱা চাপৰি থানাৰ আৰক্ষীৰ যৌথ অভিযানত অসাধু চক্ৰটোৰ লগতে এটা নকল টকা প্ৰস্তুত কৰা মেচিন, বৃহৎ পৰিমাণৰ নকল টকা জব্দ কৰা হয়।

অভিযানকাৰী দলটোৱে লগতে এই বেহাত ব্যৱহাৰ কৰা এখন মটৰচাইকেলো জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সুত্ৰ মতে ধৃত কাঞ্চনপুৰৰ শ্বৰিফুল ইছলামৰ ঘৰত অভিযান চলাই টকা বনোৱাৰ মাষ্টাৰমাইণ্ড লক্ষিমপুৰ-২নং ইছলামপুৰৰ নিজাম আলী নামৰ প্ৰৱঞ্চকটোক দলটোৱে কৰায়ত্ত কৰে।

উল্লেখ্য যে, উক্ত চক্ৰটোৱে অকল ৰাজ্যখনতেই নহয় ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো উক্ত মুদ্ৰা সৰবৰাহ কৰি এটা বৃহৎ বজাৰ চলাই আহিছিল।

আৰক্ষীয়ে এই সন্দৰ্ভত এক গোপন সুত্ৰৰ পম খেদি শনিবাৰে কাঞ্চনপুৰৰ শ্বৰিফুল ইছলাম নামৰ ব্যক্তিজনৰ ঘৰত তালাচী চলাই মেচিনসহ, নগদ ধনৰ লগতে নকল টকা উদ্ধাৰ কৰি ধৃত প্ৰৱঞ্চক দুটাৰ পৰা অধিক তথ্য আহৰণ বাবে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।