NORTHEAST NOW (Assamese)

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

January 28, 2021 12:30 pm · এন ই নাও নিউজ

বুকুত বিষ। ঘৰলৈ উভতি অহাৰ তিনি সপ্তাহ পিছত, চিকিৎসালয়ত আকৌ ভৰ্তি হ’বলগীয়া হৈছে সৌৰভ গাংগুলী।

ভাৰতীয় ক্ৰিকেটৰ মহাৰাজ হিচাবে পৰিচিত সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া সুস্থ।

পৰিয়ালৰ অনুৰোধত বৃহস্পতিবাৰে ৰাতিপুৱাই বেংগালুৰুৰ পৰা আহি কলকাতাত উপস্থিত গৈছে হৃদৰোগৰ বিখ্যাত চিকিৎসক দেবী ছেট্টী।

দেবী ছেট্টীৰ উপস্থিতিতে তেওঁৰ পুনৰ এঞ্জিঅ’প্লাষ্টি কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে মঙলবাৰে নিশাৰ পৰা সৌৰভে কিছু অস্বস্তি অনুভৱ কৰি আছিল আৰু বুধবাৰে ৰাতিপুৱা বুকুৰ বিষত ভোগে।

তেওঁক আবেলি ৩ বজাত এপ’লো হাস্পতালত ভৰ্তি কৰোৱা হয়।

বৰ্তমান তেওঁ হৃদৰোগ বিশেষজ্ঞ আফতাব খানৰ তত্বাৱধানত আছে।

উল্লেখ্য যে যোৱা ২ জানুৱাৰিত শৰীৰ চৰ্চা কৰাৰ সময়ত বুকুৰ বিষত ভুগিছিল গাংগুলী। আৰু তেতিয়া তেওঁক উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পিছতে তেওঁৰ এঞ্জিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছিল আৰু ৭ জানুৱাৰিত ঘৰলৈ উভতিছিল।

কিন্তু  তিনি সপ্তাহৰ পিছত পুনৰ একে সমস্যাত ভুগি চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হোৱা ঘটনাই তেওঁৰ অনুৰাগী তথা শুভাকাংক্ষীক চিন্তাত পেলাইছে।

Related News