NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ বিৰুদ্ধে কষ্টকৰ জয়েৰে টী-২০ বিশ্বকাপৰ ছুপাৰ এইট অভিযান আৰম্ভ দক্ষিণ আফ্ৰিকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2024 8:56 am

দক্ষিণ আফ্ৰিকাই আমেৰিকাৰ বিৰুদ্ধে কষ্টোপাৰ্জিত জয়ৰে টী-২০ বিশ্বকাপ ছুপাৰ এইট ৰাউণ্ডৰ অভিযান আৰম্ভ কৰিলে। গ্ৰুপ লীগত আমেৰিকাই ধাৰাবাহিকভাৱে ভাল ক্ৰিকেট উপহাৰ দিছে। ছুপাৰ এইটতো তেওঁলোকে সেই ধাৰা বজাই ৰাখে। অৱশ্যে অলপৰ বাবে ঐতিহাসিক বিজয়ৰ পৰা বঞ্চিত হ’ল ক্ৰিকেটত নৱাগত দলটো।

এন্টিগুৱাৰ ছাৰ ভিভ ৰিচাৰ্ডছ ষ্টেডিয়ামত চলি থকা টী-২০ বিশ্বকাপৰ ছুপাৰ এইট ৰাউণ্ডৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকা আৰু আমেৰিকাৰ মাজত যুঁজ হয়। এইখন গ্ৰুপ-২ৰ মেচ আছিল। এই মেচখনত আমেৰিকাৰ অধিনায়ক মনাংক পেটেলে আঘাত ভাল নোহোৱাৰ বাবে খেলপথাৰত নামিব নোৱাৰিলে। ইয়াৰ পৰিৱৰ্তে আমেৰিকাৰ দলটোক নেতৃত্ব দিয়ে এৰন জ’নছে।

টছত জয়লাভ কৰাৰ পিছত আমেৰিকাৰ ভাৰপ্ৰাপ্ত অধিনায়ক এৰনে দক্ষিণ আফ্ৰিকাক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। কুইণ্টন ডি ককৰ বিস্ফোৰক অৰ্ধশতকৰ বাবে দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটত ১৯৪ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইচিচি।

ডি’ককে ৪০টা বলত ৭৪ ৰানৰ পাৰা ইনিংছ খেলি পেভলিয়নলৈ উভতি আহে। তেওঁ ৭টা চাৰি আৰু ৫টা ছয় মাৰে। অধিনায়ক আইডেন মাৰ্কৰামে ৩২টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। তেওঁ ৪টা চাৰি আৰু ১টা ছয় মাৰে। এনৰিচ ক্লাচেনে ২২টা বলত ৩৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁ ৩টা ছয় মাৰে। ট্ৰিষ্টান ষ্টাবছে ১৬টা বলত ২০ ৰান সংগ্ৰহ কৰি নট আউট থাকে। তেওঁ ২টা চাৰি মাৰে।

ইয়াৰ উপৰিও ৰিজা হেণ্ড্ৰিক্স ১১ ৰানত আউট হয়। ডেভিদ মিলাৰে একাউণ্ট খুলিব নোৱাৰিলে। ৪ অভাৰত মাত্ৰ ২১ ৰান খৰচ কৰি আমেৰিকাৰ হৈ সৌৰভ নেত্ৰভালকাৰে ২টা উইকেট দখল কৰে। হৰমীত সিঙে ৪ অভাৰত ২৪ ৰান খৰচ কৰি ২ টা উইকেট দখল কৰে। অৰ্থাৎ খেলখনত আমেৰিকাৰ হৈ দুৰ্দান্ত বলিং কৰে দুই ভাৰতীয় ক্ৰিকেটাৰে।

ফটো সৌজন্যঃ আইচিচি।

ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাই বেটিং কৰিবলৈ নামি শেষলৈকে যুঁজ দিলে। যদিও তেওঁলোকে অলপৰ বাবে জয়ৰ পৰা বঞ্চিত হয়। ২০ অভাৰত ৬ উইকেটত ১৭৬ ৰানত আবদ্ধ হৈ পৰে আমেৰিকা। দক্ষিণ আফ্ৰিকাই ১৮ ৰানৰ সাধাৰণ ব্যৱধানত জয়লাভ কৰি ছুপাৰ এইটৰ অভিযান আৰম্ভ কৰে।

আমেৰিকাৰ হৈ এণ্ড্ৰিজ গাউছে এক দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪৭টা বলত ৮০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। এণ্ড্ৰিজে ৫টা চাৰি আৰু ৫টা ছয় মাৰে। হৰমীত সিঙে ২২টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। তেওঁ ২টা চাৰি আৰু ৩টা ছয় মাৰে। ষ্টিভেন টেইলৰে ১৪টা বলত ২৪ ৰান সংগ্ৰহ কৰে। তেওঁ ৪টা চাৰি আৰু ১টা ছয় মাৰে। এৰন জ’নছে একাউণ্ট খুলিব নোৱাৰিলে। ক’ৰি এণ্ডাৰছনে ১২ ৰান কৰি আউট হৈ যায়।

ফটো সৌজন্যঃ আইচিচি।

দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছো ৰাবাডাই ৪ অভাৰত ১৮ ৰান দি ৩টা উইকেট দখল কৰে। কেশৱ মহাৰাজ, এনৰিচ নৰ্কিয়া আৰু টাব্ৰেজ ছামছিয়ে ১টাকৈ উইকেট দখল কৰে। কুইণ্টন ডি কক মেন অৱ দ্য মেচ হয়।