NORTHEAST NOW (Assamese)

দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ হ’ব পাৰে দক্ষিণ আফ্ৰিকা

September 11, 2020 11:43 am · এন ই নাও নিউজ

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দললৈ নামি আহিছে গভীৰ সংকট। বৃহস্পতিবাৰে দেশৰ চৰকাৰে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ড ‍‘ক্ৰিকেট দক্ষিণ আফ্ৰিকা’ক নিলম্বন কৰিছে।

চৰকাৰে লোৱা এই সিদ্ধান্ত আই চি চিৰ নিয়মৰ ভিতৰত নপৰে। আই চি চিৰ মতে কোনো দেশৰ চৰকাৰে ক্ৰিকেট ব’ৰ্ডত দখল দিব নোৱাৰে।

এই কাৰণৰ বাবে এতিয়া আই চি চিয়ে দক্ষিণ আফ্ৰিকাক নিষিদ্ধ কৰাৰ সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য যে, বিগত বহু সময়ৰ পৰা ব’ৰ্ডৰ বিৰুদ্ধে বৰ্ণবাদ, ভ্ৰষ্টাচাৰ আৰু খেলুৱৈক বেতন নিদিয়াৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।

ছাউথ আফ্ৰিকান স্প’ৰ্টছ এণ্ড অলিম্পিক কমিটিয়ে পত্ৰৰ জৰিয়তে ক্ৰিকেট ব’ৰ্ডৰ সকলো সদস্যকে নিজৰ নিজৰ পদৰ পৰা আঁতৰিবলৈ কয়।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাত আৰম্ভ হোৱা বিভিন্ন খেলিমেলি সম্পৰ্কে ছাউথ আফ্ৰিকান স্প’ৰ্টছ এণ্ড অলিম্পিক কমিটিয়ে যোৱা বছৰ তদন্ত আৰম্ভ কৰিছিল।

তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে আই চি চিৰ নিয়ম অনুসৰি ক্ৰিকেট খেলা দেশ এখনৰ ব’ৰ্ড সম্পূৰ্ণ স্বাধীন হ’ব লাগে। ব’ৰ্ডখন চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰত থাকিব লাগে।

কিন্তু দক্ষিণ আফ্ৰিকাৰ চৰকাৰে লোৱা এই সিদ্ধান্ত আই চি চিৰ নিয়মত নপৰে। সেয়ে এই বিষয়টো নিস্পত্তি নোহোৱালৈকে আই চি চিয়ে দক্ষিণ আফ্ৰিকাক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰিব পাৰে।

মন কৰিব লগীয়া যে এই একেই কাৰণৰ বাবে আই চি চিয়ে জিম্বাৱেকো নিষিদ্ধ কৰিছিল।

যদিহে আই চি চিয়ে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয় তেন্তে দ্বিতীয়বাৰৰ বাবে নিষিদ্ধ হোৱা দেশত পৰিণত হ’ব দক্ষিণ আফ্ৰিকা।

ইয়াৰ পূৰ্বে, ১৯৭০ চনৰ পৰা ১৯৯০ চনলৈ বৰ্ণবাদৰ অভিযোগত দলটোক নিষিদ্ধ কৰিছিল।

Related News