NORTHEAST NOW (Assamese)

আই পি এলৰ নিলামত ক্ৰিছ মৰিছৰ অভিলেখ; ১৬.২৫ কোটি টকাত ৰাজস্থান ৰোয়েলছত চুক্তিবদ্ধ

February 18, 2021 4:50 pm · এন ই নাও নিউজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামৰ ইতিহাসত সৰ্বাধিক দৰত ক্ৰয় কৰা ক্ৰিকেটাৰ হিচাপে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হছে দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মোৰিছে।

আজি চেন্নাইত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামত ৩৩ বৰ্ষীয় দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছক ১৬.২৫ কোটি টকাত ক্ৰয় কৰে ৰাজস্থান ৰোয়েলছ দলে।

ক্ৰিছ মৰিছে নিজৰ প্ৰাৰম্ভিক মূল্য ৰাখিছিল মাত্ৰ ৭৫ লাখ টকা।

ইয়াৰ পূৰ্বে আই পি এলৰ ইতিহাসত সৰ্বাধিক মূল্যত নিলাম হোৱা ক্ৰিকেটাৰ আছিল যুৱৰাজ সিং।

২০১৫ চনত দিল্লী কেপিটেলছে যুৱৰাজ সিঙক ১৬ কোটি টকাত ক্ৰয় কৰিছিল।

আনহাতে, বিগত বৰ্ষত আই পি এলৰ সৰ্বাধিক মূল্যত নিলাম হোৱা ক্ৰিকেটাৰ আছিল অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিনছ।

পেট কামিনছে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল।

চলিত নিলামত ক্ৰিছ মৰিছৰ পাছতে সৰ্বাধিক মূল্যত নিলাম হৈছে গ্লেন মেক্সৱেল। মেক্সৱেলক ৰোয়েল চেলেঞ্জাৰ বাংগালোৰে ক্ৰয় কৰে।

ৰাজস্থান ৰোয়েলছৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথক এইবাৰ ২ কোটি টকাত দিল্লী কেপিটেলছে ক্ৰয় কৰে।

Related News