NORTHEAST NOW (Assamese)

ভয়ংকৰ বিমান দুৰ্ঘটনা! থিতাতে নিহত ৬২ জন নিহত

December 29, 2024 9:41 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 29, 2024 9:43 am

দেওবাৰে দক্ষিণ কোৰিয়াত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণ কৰিবলৈ লওতে পকী বেৰত খুন্দা খোৱাৰ ফলত বিমানখন জ্বলি উঠে।

এই দুৰ্ঘটনাটোত কমেও ৬২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ১৮১ গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল বিমানখনে।

দেশখনৰ জৰুৰীকালীন বিভাগৰ কাৰ্যালয়ে জনোৱা মতে, বিমানখনৰ লেণ্ডিং গিয়াৰ বিকল হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

পৰিবহণ মন্ত্ৰালয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি পুৱা ৯:০৩ বজাত এই দুৰ্ঘটনা সংঘটিত হয়

মন্ত্ৰালয়ে জনোৱা মতে, এই অগ্নিকাণ্ডত কমেও ৬২ জন লোকৰ মৃত্যু হৈছে। আৰু বহুতো লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

বিমানখনৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ ৩২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু উদ্ধাৰ অভিযানৰ বাবে কেইবাখনো হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।

ইতিমধ্যে, এই দুৰ্ঘটনাৰ আচল কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

Related News